কৰ’না সংক্ৰমণৰ ফলত চিৰিয়াখানা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ দুখনকৈ চিৰিয়াখানাই এই বিশেষ ব্যৱস্থা হাতত লৈছে ।ৰাজ্যখনৰ আলিপুৰ আৰু দাৰ্জিলিং চিৰিয়াখানাত দেওবাৰৰ পৰা এই বিশেষ সেৱা আৰম্ভ কৰা হয় ।
যোৱা মাৰ্চৰে পৰা চিৰিয়াখানা বন্ধ হৈ থকাৰ সমান্তৰালভাৱেই ৰাজ্যখনৰ জনসাধাৰণে গৃহবন্দীত্বৰ মাজতে আছে ।বিশেষকৈ কণ কণ শিশুসকল প্ৰায় সম্পূৰ্ণভাৱেই গৃহবন্দী হৈ আছে ।
ৰাজহুৱাভাৱে অনুষ্ঠিত প্ৰায় সকলো দৰ্শনী এতিয়াও ৰাজ্যখনত বন্ধ হৈ আছে । কণ কণ শিশুসকলৰ বাবে চিৰিয়াখানাৰ জীৱ-জন্তু বোৰ বিশেষ জনপ্ৰিয় ।এনে বিষয়ক সন্মুখত ৰাখিয়ে ফেচবুক লাইভত চিৰিয়াখানাৰ জীৱ-জন্তু দেখুৱাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে । দৈনিক দুঘণ্টাৰ বাবে ফেচবুক লাইভত চিৰিয়াখানাৰ দৰ্শনৰ ব্যৱস্থা কৰা হৈছে ।
ৰাজ্য প্ৰশাসনৰ পৰা জনোৱা অনুসৰি দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ থাকিবলগীয়া হোৱাত সকলোৰে মন সম্প্ৰতি বেয়া হৈ আছে । এনে উদ্দেশ্যেৰেই সম্প্রতি পুৱা ন বজাৰ পৰা ১০ বজালৈ এবাৰ আৰু বিয়লি তিনি বজাৰ পৰা চাৰি বজালৈ আন এবাৰ ফেচবুকত সকলোৱে চিৰিয়াখানাৰ জীৱ-জন্তুৰ দৰ্শন কৰিবলৈ পাই স্বাভাৱিকতে শিশুসকল আনন্দিত।