মুখবন্ধনীৰ ঢাল লৈ অশুভ নাশৰ যুঁজত নামিব দুৰ্গতিনাশিনী

Screenshot 65

কৰ’না পৰিস্থিতিৰ মাজতে অতি আদৰৰ দুৰ্গোৎসৱৰ বাবে সাজু হৈছে সমগ্ৰ পশ্চিমবংগৰ ভক্ত তথা পূজা কমিটীসমূহ । ৰাজ্যখনৰ প্ৰায় প্ৰতিখন পূজা কমিটীয়েই দুৰ্গা পূজা অতি জাকজমকেৰে পালন কৰাৰ চেষ্টা কৰে । দুৰ্গা দেৱীৰ লগতে অন্যান্য প্ৰতিমা সমূহত পূজা কমিটীসমূহে অসংখ্য অলংকাৰ পিন্ধায় ।

অৱশ্যে এইবাৰ গহনাৰ স’তে যোগ হ’ব পাৰে মাস্ক বা হেণ্ড গ্ল’ভছ । উত্তৰ কলকাতাৰ গৌৰীবাড়ি সাৰ্বজনীন দুৰ্গোৎসৱ কমিটীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ প্ৰতিমাৰ মুখত থাকিব মাস্ক । ইয়াৰ বাবে তেওঁলোকে ইতিমধ্যেই ৪১.৮গ্ৰামৰ ৰূপৰ মুখবন্ধনীও নিৰ্মাণ কৰাইছে । শিয়ালদহৰ প্ৰখ্যাত দত্ত পৰিয়ালৰ ঘৰুৱা পূজাতো এইবাৰ প্ৰতিমাৰ মুখ মাস্কৰে ঢকা থাকিব ।

ৰীতি অনুসৰি আন গহনাৰ দৰে বৰ্ধমানৰ এজন স্বৰ্ণকাৰক সোণৰ মাস্ক তৈয়াৰৰ দায়িত্বও দিয়া হৈছে বুলি সদৰী কৰে পৰিয়ালটোৰ সদস্যা দিশা দত্তই । কলকাতা উচ্চ ন্যায়ালয়ৰ অধিবক্তা দেৱকুমাৰ চন্দ্ৰই কয়, ‘মানুহক সচেতন কৰিবলৈ দুৰ্গা পূজাতকৈ ডাঙৰ মঞ্চ নাই । সেয়ে প্ৰতিমাক মাস্ক পিন্ধালে দৰ্শনাৰ্থীলৈকো এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিব পৰা যাব ।’

অৱশ্যে এই ক্ষেত্ৰত দ্বিমত পোষণ কৰিছে শোভাবাজাৰ নন্দনবাড়িৰ অতনু দত্তই । তেওঁ কয়, ‘প্ৰতিমাই জানো মানুহৰ দৰে খোজকাঢ়ে ? যদি খোজকাঢ়িলেহেঁতেন, তেন্তে মাস্ক পিন্ধালোহেঁতেন । ১২০ বছৰীয়া পূজা, অনিয়ম কৰিব নোৱাৰো ।’ আনহাতে, ত্ৰিধাৰা সন্মিলনীৰ অন্যতম পূজা উদ্যোক্তা দেৱাশিস কুমাৰৰ যুক্তি, ‘আচলতে কোনোবাই দুৰ্গাক সৰ্বশক্তিমানৰূপে পূজা কৰে, কোনোবাই কন্যাৰূপে পূজা কৰে । কন্যাৰূপে ভাবিলে তেঁওক কৰ’নাৰ পৰা দূৰত ৰাখিবলৈ যিকোনো অভিভাৱকেই মাস্ক পিন্ধাবলৈ বিচাৰিব ।’

প্ৰতিমাৰ মুখ মাস্কৰে ঢাকি ৰখাৰ পক্ষপাতী নহয় পূজা উদ্যোক্তাসকলৰ একাংশ । একডালিয়া এভাৰগ্ৰীণৰ পূজা উদ্যোক্তা তথা পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী সুব্ৰত মুখাৰ্জীয়ে কয়, ‘কোনো দুৰ্ঘটনা, মহামাৰীৰ চাপ আমি প্ৰতিমাৰ মুখত ৰখাৰ পক্ষপাতী নহয় । সেয়ে মাস্ক পিন্ধোৱাৰ প্ৰশ্নই নুঠে ।’

Exit mobile version