ৰহা মণিপুৰটোপত আৰক্ষীৰ বৃহৎ অভিযান

IMG 20200821 WA0013

৩৪ টা তেলৰ ড্ৰামসহ কে’বালিটাৰ তেল জব্দ

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰটোপত আজি পুৱতি নিশা ৰহা আৰু নগাঁও আৰক্ষীয়ে যুটীয়া অভিযান চলাই চোৰাং তেল টেংকাৰসহ ৬ খন গাড়ী আৰু বৃহৎ পৰিমাণৰ তেল জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে, নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত যোৱা ৰহা আৰু নগাঁও আৰক্ষীৰ এক অভিযানকাৰী দলে বিশেষ সূত্ৰৰ পম খেদি ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰটোপ শিঙিমাৰীত এন-এল-০১ এ এ-৩৪৫৪ নম্বৰৰ এখন তেল টেংকাৰৰ পৰা পাইপেৰে চোৰাংভাৱে ড্ৰামত তেল ভৰাই থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় ।

ইয়াৰ লগতে আৰক্ষী দলটোৱে চোৰাং ইন্ধন ভৰ্তি ড্ৰাম সৰবৰাহ কৰা দুখন বলেৰ’ পিকাপ ভান, এখন টাটা ডি আই, এখন মেজিক ভান আৰু এখন ৱাগেনাৰ কাৰ জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত গাড়ীকেইখনৰ নম্বৰ হ’ল এএছ০২চিচি-১৯৯৬, এএচ০২বিচি ০২৩১( বলেৰ’ পিকআপ), এএচ ই জে-৩৭১৮(টাটা ডি,আই), এএচ০২চিচি-৪২৪৪( টাটা মেজিক) আৰু এএচ২১জি-৬২১৫ ( ৱাগনাৰ)। লগতে আৰক্ষীয়ে জব্দ কৰিছে ৩৪টা ইন্ধন ভৰ্তি ড্ৰাম ।

উল্লেখ্য যে ৰহা আৰক্ষী থানাৰ মণিপুৰটোপ এলেকাত বহু বছৰৰ পৰা একাংশ লোকে চোৰাংভাৱে বিভিন্ন ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল । আজি জব্দকৃত চোৰাং তেল ব্যৱসায়ত মণিপুৰটোপ অঞ্চলৰ একাংশ ব্যৱসায় জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। তদুপৰি স্থানীয় একাংশ সচেতন লোকৰ ভাষ্য অনুসৰি মণিপুৰটোপ অঞ্চলত এইসকল লোকে এনেদৰে চোৰাং ব্যৱসায়ত জড়িত থাকি অঞ্চলটোলৈ বদনাম কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে ।

Exit mobile version