বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ তথা কালৰূপী ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুজঁ দিয়া ক্ষেত্ৰত অসম চৰকাৰ আৰু কাৰ্বি পৰিষদ চৰকাৰে লোৱা ভূমিকাক লৈ তীব্ৰ অসন্তোষ্টি প্ৰকাশ আৰু আপত্তি দৰ্শাইছে কাৰ্বি পৰিষদ চৰকাৰৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য ৰেনছিং বেয়ে । পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অৱস্থিত ভূপেন হাজৰিকা মুকলি মঞ্চত এক সংবাদমেলৰ আয়োজন কৰি ৰেনছিং বেয়ে ৰাজ্য চৰকাৰ আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি পৰিষদ চৰকাৰে ক’ভিড-১৯ক লৈ ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ নামত কৰ’না ব্যাধিক ৰাজনীতিৰ লাভালাভৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে । কৰ’না ৰোধ- নিয়ন্ত্ৰণ আৰু কৰ’নাৰ পৰিপ্ৰেক্ষিতত আৰ্থিক অনাটন হোৱা ৰাইজক সকাহ দিয়াৰ নামত অনুদান, আৰ্থিক সাহাৰ্য আদি প্রদানেৰে বিজেপিয়ে ৰাইজৰ ভোট কিনাৰ অংক চলাইছে বুলি উল্লেখ কৰে ।
অনুদান, আৰ্থিক সাহাৰ্য আদি কেৱল নগণ্য সংখ্যক ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সৰহসংখ্যক ৰাইজ ইয়াৰ পৰা বঞ্চিত হৈ ৰৈছে বুলিও উল্লেখ কৰে প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীয়ে । শেহতীয়াকৈ এনে কাৰ্য নকৰিবলৈ চৰকাৰক আহ্বান কৰাৰ লগতে কৰ’না ব্যাধিৰ নামত বিজেপিক ৰাজনীতি নকৰিবলৈ আহ্বান জনায় প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীয়ে।