ডাউড ইব্ৰাহীম আছে পাকিস্তানত

60178310

অৱশেষত ডাউদ ইব্ৰাহীম পাকিস্তানত আছে বুলি স্বীকাৰ কৰিলে দেশখনে ৷পাকিস্তানে আজি ৮৮ জনীয়া সন্ত্ৰাসবাদীৰ এখন তালিকা প্ৰস্তুত কৰে ৷এই তালিকাত ১৯৯৩ ত মুম্বাইত হোৱা ধাৰাসাৰ বোমা বিস্ফোৰণৰ অন্যতম মাষ্টৰমাইণ্ড ডাউড ইব্ৰাহীমৰ নামো আছে।

এই তালিকাত ডাউডৰ নাম থকাৰ উপৰিও তেওঁৰ ১৪ খন পাচপৰ্ট আৰু কৰাচীত যে তিনিটা ঘৰ আছে সেয়াও উল্লেখ আছে। ইপিনে ডাউড ১৯৯৩ ত মুম্বাইৰ হোৱা বিস্ফোৰণৰ পিছত পাকিস্তানলৈ গুচি গৈছিল ।এই বিস্ফোৰণত ২৫৭ জন লোক নিহত হোৱাৰ উপৰিও ১৪০০ লোক আহত হৈছিল ।

ইয়াৰ পিছত ডাউড ইব্ৰাহীম পাকিস্তানৰ বিভিন্ন চহৰত বাস কৰাৰ খবৰ আহিছিল। কিন্তু পাকিস্তানে ডাউডৰ সন্দৰ্ভত কোনো তথ্য ফাদিল কৰা নাছিল। শেহতীয়াকৈ পাকিস্তানে ডাউড ইব্ৰাহীমৰ প্ৰসংগত স্বীকাৰ কৰা তথ্যই চৰ্চা লাভ কৰিছে।

Exit mobile version