দুখন ফুটবল খেলপথাৰৰ সমান আয়তনৰ ছবি আঁকি বিশ্ব অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে এজন ব্ৰিটিছ চিত্ৰকৰ ।ব্ৰিটেইনৰ চিত্ৰকৰ ছাচা জাফৰিয়ে সম্প্ৰতি ডুবাইত ব্যস্ত হৈছে বিশ্বৰ সবাতোকৈ বৃহৎ আকাৰৰ কেনভাছত ছবি অঁকাত।এইজন চিত্ৰকৰে ১৮০০ বৰ্গ মিটাৰতকৈও বেছি ডাঙৰ আকাৰৰ ছবি অংকন কৰি বিশ্ব অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে ।
ডুবাইৰ আটলান্টিছ হোটেলৰ বলৰূমত এই বিশাল আকাৰৰ ছবিখন অংকনত ব্যস্ত হৈছে চিত্ৰকৰজন ।ছবিখন সম্পূৰ্ণ হোৱা নাই যদিও চিত্ৰকৰজনে ইতিমধ্যে নিজৰ ইনষ্টাগ্ৰামত এই ছবিখনৰ বিভিন্ন অংশৰ বিষয়ে ছবি প্ৰকাশ কৰিছে।ছবিখন প্ৰকাশ কৰিবলৈ ৬০ টা অংশত বিভক্ত কৰি বেলেগ বেলেগ ফ্ৰেমত বন্দোৱাৰ পৰিকল্পনা কৰিছে।অহা ডিচেম্বৰত এই ছবিখনৰ নিলাম কৰা হ’ব।
এই ছবিখনৰ মূল্য ভাৰতীয় মুদ্ৰা অনুসৰি ২২৪ কোটি ৬৫ লাখ টকা হ’ব।অৱশ্যে চিত্ৰকৰ জনে এই ধনৰাশি নিজৰ বাবে ব্যয় নকৰে ।তেওঁ ‘হিউমেনিটি ইনস্পায়াৰ্ড’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোক দান কৰিব আনক সহায়ৰ বাবে।ইয়াৰ পূৰ্বেও জাফৰিয়ে বহুতো বিশ্বমানৰ ছবি আঁকি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।