পশ্চিম গুৱাহাটীত আঠোটা পথ – উপপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

c430cbab be22 491e b9d4 aaf3abd8020b 1

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ যাতায়ত ব্যৱস্থাৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশ হিচাপে ২০ আগষ্টত ধীৰেনপাৰাৰ পৰা কটাহবাৰীলৈ আঠোটা পথ – উপ পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । অসম চৰকাৰৰ ‘ এছ অ পি দি ( জি ) শিতানত গড়কাপ্তানী পথ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হ’বলগীয়া পথ কেইটা হ’ল ক্ৰমে – কটাহবাৰী নিজৰা পথ, চুলতান আলী পথ , কৈইলাশপুৰ পথ , সেউজ বন পথ , ধীৰেনপাৰা জ্যোতি পথ , চম্পকনগৰ পথ , চেনিৰাম কছাৰী পথ আৰু উচিৰাম বড়ো পথ ।

আনহাতে ক’ভিড প্ৰটকল বিধি মানি অঞ্চলসমূহৰ সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মাংগলিক কাৰ্যৰ মাজত আধাৰশিলা স্থাপন কৰে । অনুষ্ঠানত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰহ্লাদ কাকতি , সহকাৰে কাৰ্য্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাকে ধৰি কেইবাজনো অভিযন্তা আৰু বিশিষ্ট লোক উপস্থিত থাকে ।

Exit mobile version