প্ৰাৰ্থীত্বৰ বাবে দিছপুৰত লৰা ঢপৰা

Dispur

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত সংক্ৰিয়ভাৱে নেতৃত্ব লোৱা কে’বাজনো বিভিন্ন জাতি জনগোষ্ঠীয় নেতাই বিগত কে’বাদিন দিছপুৰত বাহৰ পতা কাৰ্যই আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ৷কিছুদিন আগলৈকে বিজেপি কংগ্ৰেছক থকা সৰকা কৰা এই সকল নেতাই সম্প্ৰতি নিজকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৰাজধানীত বহি কুচকাৱাজ অব্যাহত ৰাখিছে ৷

অৱশ্যে ৰাইজৰ ৰোষত পৰাত আশংকাৰ উপযুক্ত সময়লৈ তেওঁলোক বাট চাই আছে যদিও ৰাজ্যত সঘনাই সলনি হোৱা ৰাজনৈতিক প্ৰক্ষাপটলৈ দৃষ্টি ৰাখি চল চাই কঠীয়া পাৰিবলৈ সকলো সাজু হৈছে ।ইয়াৰ কে’বাজনো নেতাই বিজেপি,অগপ,কংগ্ৰেছৰ উপৰি অলপতে ভূমিষ্ঠ হ’ব লগা নতুন ৰাজনৈতিক দলৰ লগতো সু সম্পৰ্ক অব্যাহত ৰাখিছে ৷সামাজিক মাধ্যমত এইসকল নেতাই নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে তৎপৰ হৈছে ।

উল্লেখযোগ্য যে সংশোধিত নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ সময়তো ফটো দি সামাজিক মাধ্যম গৰম কৰি থোৱা বহু নেতাৰ তেনেবোৰ প’ষ্ট বিগত দিনকেইটাত হঠাৎ অন্তৰ্ধান হৈছে ৷কাৰণ শাসকীয় দলত যোগদানৰ পূৰ্বে তেওঁলোকক আগন্তুক সময়ত কোনেও যাতে সমালোচনা কৰিব নোৱাৰে তাৰ বাবে বিশেষ কিছু কাম সম্পাদন কৰিবলৈ সংশ্লিষ্ট ৰাজনৈতিক দলে পৰামৰ্শ আগবঢ়াইছে ।

চলিত সপ্তাহটোতে বিজেপিৰ প্ৰভৱশালী নেতা মন্ত্ৰী,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু অগপৰ সভাপতি অতুল বৰাক সাক্ষাৎ কৰিবলৈ কে’বাজনো নেতাই অপেক্ষা কৰি আছে ।ইয়াৰ মাজতে যোৱা দিনকেইটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উদয়ন কুমাৰ গগৈয়ে ৰিপুণ বৰাক সাক্ষাৎ কৰাৰ লগতে চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাই অগপৰ সভাপতি অতুল বৰাক সাক্ষাৎ কৰিছে ৷

উল্লেখযোগ্য যে সংশোধিত নাগৰিকত্ব আইনক সংক্ৰিয়ভাৱে নেতৃত্ব দিয়া এই কেইজন নেতাই কম দিনৰ ভিতৰতে ৰাজনৈতিক পথাৰত খোজ দিয়াতো নিশ্চিত হৈ পৰিছে ৷আনহাতে চৰকাৰ বিৰোধী মন্তব্যৰে উদাত্ত কণ্ঠৰে গৰজি উঠা এইসকল নেতাই অৱশেষত শাসকীয় দুটাকৈ দলত যোগদানৰ বাবে তৎপৰ হৈ উঠা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ৷

অৱশ্যে ইয়াৰ পূৰ্ৱেও সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ চৰকাৰক তুলা ধূনা দিয়া কে’বাজনো নেতাই শেহতীয়াকৈ বিজেপিত যোগদান কৰিছে ৷ইয়াৰ ফলশ্ৰুতিত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্বৰ নিশ্চয়তা প্ৰদান কৰিলেই সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ নেতাই শাসকীয় দলত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই লুকাই লুকাই শাসক বিৰোধী নেতাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে ।

Exit mobile version