সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত চি বি আইৰ তদন্তৰ দ্বিতীয় দিন

shuddh desi romance6

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত চি বি আইয়ে কৰা তদন্তৰ আজি দ্বিতীয় দিন ৷আজি চি বি আইয়ে সুশান্তৰ ৰুমমেট সিদ্ধাৰ্থ পিথানী আৰু ৰান্ধনী নীৰজ সিঙক লৈ সুশান্তৰ ফ্লেটত উপস্থিত হয়। আনহাতে আজি পুৱা সিদ্ধাৰ্থ পিঠানীক সোধ পোচ কৰে চি বি আইয়ে ৷ সুশান্তৰ মৃত্যুৰ পিছত প্ৰথমে সিদ্ধাৰ্থে অভিনেজনৰ কোঠালৈ গৈছিল ৷ইপিনে অভিনেতাজনৰ ৰান্ধনী নীৰজক দ্বিতীয়বাৰৰ কাৰণে সোধ পোচ কৰা হ’ল৷শুক্ৰবাৰে নীৰজক প্ৰায় ১৩ ঘন্টা সোধ পোচ কৰে চি বি আইয়ে ৷

চিবিআইৰ দলটোৱে সুশান্তৰ মৃত্যুক পুনৰ পৰীক্ষা কৰিবলৈ সুশান্তৰ দৰে একে ওজনৰ এটা পুতলা সদৃশ ডেম’ লৈ গৈছে। এই পুতলাটোকো সুশান্তে যিদৰে ওলমি আছিল সেইদৰে ওলমোৱা হ’ব। লগতে সুশান্তে ডিঙিত কেনেদৰে ৰচী বান্ধিছিল এইসকলোবোৰ পুনৰ নিৰীক্ষণ কৰা হ’ব। ইয়াৰোপৰি সুশান্তৰ মৰণোত্তৰ প্ৰতিবেদন পুনৰ পৰীক্ষাৰ কাৰণে এইমছৰ দ্বাৰা এখন কমিতি তৈয়াৰ কৰা হৈছে।

কোৱা হৈছে যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ চিবিআইৰ তদন্তত বহুতো প্ৰত্যাহ্বান আছে। কাৰণ,

সুশান্তৰ মৃত্যুয়ে ৬০ দিন অতিবাহিত কৰিলে ।সুশান্তে আত্মহত্যা কৰা ঠাইত সকলো প্ৰমাণ সম্প্ৰতি নাইকিয়া হৈ গৈছে। চি বি আইৰ ওচৰত কেৱল সুবিধা অনুসৰি লোৱা ফ’টোহে আছে ।

মুম্বাইৰ পুলিচৰ ওচৰত সকলো ৰেকৰ্ড আছে মাৰাঠীত। গতিকে ইয়াক ইংৰাজীলৈ অনুবাদ কৰোতে সময় লাগিব ৷লগতে এই ৰেকৰ্ডত আছে ৫৬ জনৰ লোকৰ ভাষ্য ৷

সুশান্তৰ মৃত্যুৰ কোনো সাক্ষী নাই। গতিকে মৃতদেহ কেনেকৈ ক’ত ওলমি আছিল সেয়া বুজি পাব পৰাকৈ চি বি আইৰ সময় লাগিব পাৰে।

চিবিআইয়ে মুম্বাইৰ পুলিচকো সোধ পোচ কৰিব ৷ শুক্ৰবাৰ সুশান্তৰ ৰান্ধনীৰ পৰা চিবিআইয়ে ৪০ পৃষ্ঠাৰ এখন দস্তাবেজ দাখিল কৰে । চিবিআইয়ে জানিবলৈ চেষ্টা কৰে যে

১৪ জুনত সুশান্তে আত্মহত্যা কৰাৰ পূৰ্বে তেওঁৰ ব্যৱহাৰ কেনে আছিল ।লগতে সুশান্তৰ জীৱনত ৰিয়া চক্ৰৱৰ্তীৰ প্ৰভাৱ কেনে আছিল সেই সন্দৰ্ভতো নীৰজক সোধপোছ কৰে ৷

উল্লেখযোগ্য যে চিবিআইয়ে সুশান্তৰ মৃত্যু হত্যা নে আত্মহত্যা সেই বিষয়ে তদন্ত কৰিব।

সুশান্তৰ মৃত্যুত ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ পৰিয়াল বলীউডৰ লোক আৰু সুশান্তৰ ঘৰত কাম কৰা লোকসকলৰ ভূমিকা কেনে সেই বিষয়ে তদন্ত কৰিব চিবিআইয়ে ৷

সুশান্তৰ পিতৃয়ে অভিযোগ কৰা ১৫ কোটি টকাৰ সন্দৰ্ভত তদন্ত কৰিব চিবিআইয়ে ।

সুশান্ত হতাশাৰ লগতে চিকিৎসক সকলৰ মতামতৰ তদন্ত কৰিব ।কাৰণ সুশান্তৰ পিতৃয়ে চিকিৎসকসকলৰ ওপৰতো সন্দেহ কৰিছিল।

মৰণোত্তৰ পৰীক্ষা আৰু ফৰেণছিক প্ৰতিবেদন ৰ সাদৃশ্য বিচৰা বিচাৰ কৰিব চিবিআইয়ে ৷উল্লেখযোগ্য যে সম্প্ৰতি প্ৰতি দিনে ৰহস্যৰ মাজলৈ গতি কৰিছে সুশান্তৰ আত্মহত্যাৰ তদন্ত।

Exit mobile version