কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ মন কী বাত শুনি JEE আৰু NEET ৰ পৰীক্ষাক বাতিল কৰিবলৈ দাবী কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত”ক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে ।
ৰাহুল গান্ধীয়ে কয় “আজি আমাৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে চৰকাৰক কিবা এটা আহ্বান কৰিছে ৷ NEET আৰু JEE পৰীক্ষাৰ সন্দেৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ দাবী চৰকাৰে শুনিব লাগে । আৰু চৰকাৰে এই সন্দৰ্ভত বিকল্প ব্যৱস্থাও গ্ৰহণ কৰিব লাগে ।” মন কৰিব লগীয়া যে পৰীক্ষা বাতিল কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকেও দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে ৷ আনহাতে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ দাবীক বহু নেতাই সমৰ্থন জনাইছে ।
তেওঁলোকৰ মতে কৰ’নাৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰাটো বৃহৎ প্ৰত্যাহ্বান । ইপিনে বিগত কিছুদিন পূৰ্বে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই এই পৰীক্ষা বাতিল কৰাবলৈ আহ্বান কৰিছিল ৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ পৰিছে ৷ ইতিমধ্যে পৰীক্ষাৰ এডমিট কাৰ্ড দিয়াৰ লগতে কৰ’না প্ৰতিৰোধৰ কাৰণে নিৰ্দেশনাও জাৰি কৰা হৈছে ।
উল্লেখযোগ্য যে পৰীক্ষা পিছুৱাৰ সন্দৰ্ভত পৰীক্ষাৰ্থীসকল আৰু অভিভাৱকসকলে দিয়া প্ৰতিবেদনক খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে ।ন্যায়ালয়ে কয় “ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ কোনো আপোচ কৰা নহ’ব ৷ যদি কৰ’না এবছৰ থাকে তেন্তে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এবছৰ ৰ’ব লাগিব নেকি ৷” ইপিনে JEE ১ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ লগতে NEET ৰ পৰীক্ষা ১৩ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ।