“প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি উন্নয়ন সাধন কৰিছো” বুলি টুমপ্ৰেঙত অনুষ্ঠিত বিজেপিৰ যুটীয়া বৰ্ধিত সভাত উল্লেখ কৰি সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা সাজু হ’বলৈ পশ্চিম কাৰ্বি আংলঙৰ বিজেপি নেতা আৰু কৰ্মকৰ্তাক আহ্বান জনালে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
উল্লেখযোগ্য যে অনুষ্ঠিত বৰ্ধিত সভাত দলৰ প্ৰশাসনিক কাম-কাজ, লক্ষ্য, দলীয় আলোচনা, নিৰ্বাচনকেন্দ্ৰিক ৰণ কৌশল আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে কংগ্ৰেছ আৰু এ এছ ডি চি ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কাৰ্বি আংলঙত বিজেপিয়ে কৰা উন্নয়ন আৰু বিকাশৰ কথা দোহাৰিলে তুলিৰাম ৰংহাঙে। বিশেষকৈ কাৰ্বি পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিত বিগত সময়ত প্ৰতিশ্ৰুতি অনুসৰি ৰংহাঙে এশ শতাংশ উন্নয়নৰ কাম কাজ সম্পন্ন কৰিছে বুলি দাবী কৰাৰ লগতে অনাগত সময়তো এই ধাৰা বাহাল থাকিব বুলি কৰ্মকৰ্তাৰ ওচৰত উল্লেখ কৰে ৰংহাঙে।
গুৰুত্বপূৰ্ণ যে সমাগত বিধানসভা নিৰ্বাচনত পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিত ৰাইজে যদি বিজেপিক ব্যাপক ব্যৱধানেৰে জয়ী কৰোৱাৰ গ্যাৰেন্টি দিব পাৰে তেতিয়া ৰংহাঙেও এশ শতাংশ গ্যাৰেন্টিৰে ৰংখাং সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ৰাইজক ভূমি পট্টা প্ৰদান কৰিব বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
আজিৰ এই বিজেপিৰ যুটীয়া বৰ্ধিত সভাত পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, সাধাৰণ সম্পাদক, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদীয় সদস্য ক্ৰমে পৱন কুমাৰ, চন্দ্ৰ ছেত্ৰী, বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণু, বিজেপি নেতা তাৰজান লাংথাছাকে ধৰি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী, মহিলা কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে এই সভাৰ মজিয়াতে আজি ১১ টাকৈ পৰিয়ালে নিজৰ দল অৰ্থাৎ কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।