বটদ্ৰৱাৰ এজন যুৱকে ১৩৫ ডাল সূতাৰে অংকন কৰিলে জুবিনৰ প্ৰতিচ্ছবি

WhatsApp Image 2020 08 24 at 3.47.28 PM 1

এজন উদীয়মান চিত্রশিল্পী, জুবিনৰ একান্ত অনুৰাগী তেওঁ । বটদ্ৰৱাৰ ৰাইদঙ্গীয়াৰ পহুকটাৰ প্ৰভাত বৰা আৰু বেবী বৰাৰ পুত্ৰ মৃদুপৱন বৰা । যাৰ হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি । ১৩৫ ডাল সূতাৰে মৃদুপৱন বৰাই অংকন কৰি উলিয়াইছে জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি । যিখন প্ৰতিচ্ছবিৰ বাবে জুবিন গাৰ্গে ইতিমধ্যে মৃদুপৱন বৰাক ধন্যবাদ জ্ঞাপন কৰিছে । যাৰ বাবে তেওঁ স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ।

কেৱল সেয়াই নহয়, তেওঁ জুবিনৰ আৰু বহু ছবি আঁকি ঘৰৰ দেৱালত ওলমাই ৰাখিছে । কাৰণ তেওঁ জুবিন গাৰ্গক বহুত ভাল পায়, জুবিন গাৰ্গৰ অনুৰাগী তেওঁ । সেই বাবেই নিশা ন বজাৰ পৰা পুৱতি নিশা প্ৰায় ৩.৩০বজালৈ উজাগৰে থাকি অংকন কৰি উলিয়াইছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন ।

তদুপৰি তেওঁ অংগৰাগ পাপন মহন্ত, শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধনী, শ্বাহৰুখ খান, কুমাৰ চানুকে ধৰি বলিউডৰ লগতে হলিউডৰ কে’বাগৰাকী তাৰকাৰো ছবি অংকন কৰিছে । অংকুৰ শ্ৰেণীত পঢ়ি থকাৰ পৰাই চিত্র শিল্পত ৰাপ থকা মৃদুপৱন বৰাই ইয়াৰ পূর্বে চক পেঞ্চিলত শিৱ বাবা, শ্ৰীকৃষ্ণৰ লগতে ৰাধাৰ ছবি আঁকি বিশেষ চৰ্চা লাভ কৰিছিল।

Exit mobile version