এইবাৰ পেডেল মাৰি মাৰি ৰাইজৰ কাষলৈ যাব কংগ্ৰেছঃ বাবু-অজয় ফুকনৰ যোগদান

WhatsApp Image 2020 08 25 at 12.54.09 PM

অৱশেষত কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগ দিলে জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই । শিল্পীজনৰ লগতে অজয় ফুকনসহ প্ৰায় অৰ্ধশতাধিক শিল্পীয়ে মংগলবাৰে কংগ্ৰেছত যোগ দিয়ে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত সভাপতি ৰিপুন বৰাৰ উপস্থিতিত জাতীয় কংগ্ৰেছ দলত যোগদান কৰে শিল্পীসকলে । কন্ঠশিল্পী বাবুৰ যোগদানৰ পাছতে সভাপতি ৰিপুন বৰাই এইবাৰ পেডেল মাৰি মাৰি কংগ্ৰেছে ৰাইজৰ কাষলৈ যাব বুলি মত ব্যক্ত কৰে ।

Exit mobile version