মৰিগাঁৱত ৫৫ বছৰীয়া শিপিনীৰ তাঁতশালত প্ৰাণ পাই উঠিছে ৪৭ মিটাৰ দৈৰ্ঘ্যৰ গীতা-ভাগৱত, বৃন্দাবনী বস্ত্ৰ আৰু কৃষ্ণৰ প্ৰতিচ্ছবি

WhatsApp Image 2020 08 25 at 7.17.39 PM

ৰাজ্যখনত যে প্ৰতিভাৰ অভাৱ নাই, প্ৰতিভাক যে কোনেও বাধা দি ৰাখিব নোৱাৰে তাৰেই এক নিদৰ্শন দাঙি ধৰিছে মৰিগাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ শিপিনীয়ে । অসমীয়া শিপিনীৰ নৈপুণ্যতাৰ চিৰযুগমীয়া, অসমীয়া শিপিনীয়ে তাঁতৰপাতত বহি সৰগ ৰচে । নিশাৰ ভিতৰতে টঙালি বৈ যুদ্ধা স্বামীক যুদ্ধলৈ পঠিওৱা বিৰল নিদৰ্শন অসমীয়া শিপিনীৰ বাদে কাৰোৱেই নাই ।

শিপিনীৰ সেই যুগজয়ী গৰিমা ৰক্ষা কৰি এইগৰাকী মৰিগাঁও জিলাৰ ভকতগাঁও অঞ্চলৰ নিপুণ শিপিনীৰ হাতত প্ৰাণ পাই উঠিছে এখন বৃন্দাবনী বস্ত্ৰ । অঞ্চলটোৰ দৰঙীয়াল গাঁৱৰ ৫৫ বছৰীয়া শিপিনী গৰাকীৰ নাম তিলোত্তমা বৰুৱা ৷

উল্লেখ্য যে এই গৰাকী বয়োজ্যেষ্ঠ শিপিনীয়ে তাঁতশালত প্ৰাণ দিছে ইখনৰ পিছত সিখন তত্ত গধুৰ গ্ৰন্থ ৷ ২০১৪ চনৰ পৰা শিপিনী গৰাকীয়ে আৰম্ভ কৰিছে গীতা ভাগৱতৰ তিনিটা খণ্ড ।মুঠতে শিপিনী গৰাকীয়ে ভাগে ভাগে ৪৭ মিটাৰ দৈৰ্ঘ্যৰে এটা অধ্যায়ৰ পিছত আনটো অধ্যায় বৈ উলিয়াইছে ৷ ইয়াৰে ১২ আৰু ১৫ মিটাৰত বাছি উলিওৱা ভাগৱতৰ দুটা খণ্ড ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উপহাৰ হিচাপে দিছে ৷

শেষৰ ২০ মিটাৰ ভাগৱতৰ তত্ত্ব গধুৰ শব্দ বাক্যবোৰ নিপুণ ভাৱে বাছি উলিয়াই শিপিনী গৰাকীয়ে মুখ্যমন্ত্ৰীক দিবলৈ সাজু কৰিছে ৷ একেদৰে বৈ উলিয়াইছে ভগৱান কৃষ্ণৰ দুখনকৈ ফটো ৷ ইয়াৰে ভগৱান শ্ৰীকৃষ্ণৰ এখন ফটো ইতিমধ্যে মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাক শিপিনী গৰাকীয়ে প্ৰদান কৰিছে । আনখন ভগৱান শ্ৰীকৃষ্ণৰ ফটো শিপিনী গৰাকীয়ে নিজ হাতেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিবলৈ বুলি হেপাঁহ পুহি ৰাখিছে ।

ইফালে এইগৰাকী শিপিনীয়েই চলিত বছৰৰ জেঠ মাহৰ পৰা নিজৰ তাঁতশালত চানেকি বাচিছিল এখন বৃন্দাবনী বস্ত্ৰৰ ৷ ইতিমধ্যে পবিত্ৰ ভাদ মাহতে সম্পূৰ্ণ হৈ উঠিল এই বস্ত্ৰখন ৷ উল্লেখ্য যে শিপিনী গৰাকীয়ে এই আপুৰুগীয়া সম্পদবোৰ অসম চৰকাৰক দিবলৈ বিচাৰিছে যদিও যোগাযোগৰ অভাৱত থমকি ৰ’ব লগা হৈছে ।  আনহাতে চৰকাৰী সহযোগিতা আগবঢ়ালে শিপিনী গৰাকীয়ে আৰু এনে বহুতো মূল্যবান আপুৰুগীয়া সম্পদ তাঁতশালত বৈ উলিয়াব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে । উল্লেখ্য যে অসম চৰকাৰে শিপিনী গৰাকীৰ এই প্ৰচেষ্টাক সহায় কৰিলে বিশ্বৰ দৰবাৰত আকৌ এবাৰ প্ৰতিষ্ঠা হ’ব অসমীয়া শিপিনীৰ নিপুণ শিল্পৰ চানেকি।

Exit mobile version