ৰাজ্যখনত যে প্ৰতিভাৰ অভাৱ নাই, প্ৰতিভাক যে কোনেও বাধা দি ৰাখিব নোৱাৰে তাৰেই এক নিদৰ্শন দাঙি ধৰিছে মৰিগাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ শিপিনীয়ে । অসমীয়া শিপিনীৰ নৈপুণ্যতাৰ চিৰযুগমীয়া, অসমীয়া শিপিনীয়ে তাঁতৰপাতত বহি সৰগ ৰচে । নিশাৰ ভিতৰতে টঙালি বৈ যুদ্ধা স্বামীক যুদ্ধলৈ পঠিওৱা বিৰল নিদৰ্শন অসমীয়া শিপিনীৰ বাদে কাৰোৱেই নাই ।
শিপিনীৰ সেই যুগজয়ী গৰিমা ৰক্ষা কৰি এইগৰাকী মৰিগাঁও জিলাৰ ভকতগাঁও অঞ্চলৰ নিপুণ শিপিনীৰ হাতত প্ৰাণ পাই উঠিছে এখন বৃন্দাবনী বস্ত্ৰ । অঞ্চলটোৰ দৰঙীয়াল গাঁৱৰ ৫৫ বছৰীয়া শিপিনী গৰাকীৰ নাম তিলোত্তমা বৰুৱা ৷
উল্লেখ্য যে এই গৰাকী বয়োজ্যেষ্ঠ শিপিনীয়ে তাঁতশালত প্ৰাণ দিছে ইখনৰ পিছত সিখন তত্ত গধুৰ গ্ৰন্থ ৷ ২০১৪ চনৰ পৰা শিপিনী গৰাকীয়ে আৰম্ভ কৰিছে গীতা ভাগৱতৰ তিনিটা খণ্ড ।মুঠতে শিপিনী গৰাকীয়ে ভাগে ভাগে ৪৭ মিটাৰ দৈৰ্ঘ্যৰে এটা অধ্যায়ৰ পিছত আনটো অধ্যায় বৈ উলিয়াইছে ৷ ইয়াৰে ১২ আৰু ১৫ মিটাৰত বাছি উলিওৱা ভাগৱতৰ দুটা খণ্ড ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উপহাৰ হিচাপে দিছে ৷
শেষৰ ২০ মিটাৰ ভাগৱতৰ তত্ত্ব গধুৰ শব্দ বাক্যবোৰ নিপুণ ভাৱে বাছি উলিয়াই শিপিনী গৰাকীয়ে মুখ্যমন্ত্ৰীক দিবলৈ সাজু কৰিছে ৷ একেদৰে বৈ উলিয়াইছে ভগৱান কৃষ্ণৰ দুখনকৈ ফটো ৷ ইয়াৰে ভগৱান শ্ৰীকৃষ্ণৰ এখন ফটো ইতিমধ্যে মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাক শিপিনী গৰাকীয়ে প্ৰদান কৰিছে । আনখন ভগৱান শ্ৰীকৃষ্ণৰ ফটো শিপিনী গৰাকীয়ে নিজ হাতেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিবলৈ বুলি হেপাঁহ পুহি ৰাখিছে ।
ইফালে এইগৰাকী শিপিনীয়েই চলিত বছৰৰ জেঠ মাহৰ পৰা নিজৰ তাঁতশালত চানেকি বাচিছিল এখন বৃন্দাবনী বস্ত্ৰৰ ৷ ইতিমধ্যে পবিত্ৰ ভাদ মাহতে সম্পূৰ্ণ হৈ উঠিল এই বস্ত্ৰখন ৷ উল্লেখ্য যে শিপিনী গৰাকীয়ে এই আপুৰুগীয়া সম্পদবোৰ অসম চৰকাৰক দিবলৈ বিচাৰিছে যদিও যোগাযোগৰ অভাৱত থমকি ৰ’ব লগা হৈছে । আনহাতে চৰকাৰী সহযোগিতা আগবঢ়ালে শিপিনী গৰাকীয়ে আৰু এনে বহুতো মূল্যবান আপুৰুগীয়া সম্পদ তাঁতশালত বৈ উলিয়াব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে । উল্লেখ্য যে অসম চৰকাৰে শিপিনী গৰাকীৰ এই প্ৰচেষ্টাক সহায় কৰিলে বিশ্বৰ দৰবাৰত আকৌ এবাৰ প্ৰতিষ্ঠা হ’ব অসমীয়া শিপিনীৰ নিপুণ শিল্পৰ চানেকি।