আফগানিস্তানৰ অভিনেত্ৰী তথা পৰিচালক চাবা চাহাৰক উদ্দেশ্য কৰি দুস্কৃতিকাৰীৰ গুলীবৰ্ষণ

saba sahar afganistan in ilk kadin yonetmeni 13538650 amp

আফগানৰ অভিনেত্ৰী তথা পৰিচালক চাবা চাহাৰৰ বাহনলৈ লক্ষ্য কৰি তিনিজন দুস্কৃতিকাৰীয়ে গুলীচালনা কৰে ৷ আফগানিস্তানৰ ৰাজধানী কাবুলত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৪০ বছৰীয়া চাবা চাহাৰ হৈছে দেশখনৰ প্ৰথম মহিলা পৰিচালক । আনহাতে BBCৰ মতে, দুস্কৃতিকাৰীয়ে উপৰ্যুপৰি কৰা গুলী চালনাৰ পিছত অভিনেত্ৰী তথা পৰিচালক চাবাক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়।

ইপিনে চাবাৰ স্বামী ইমাল জাকিয়ে কয় যে চাবা পশ্চিম কাবুলত অৱস্থিত কাৰ্যালয়লৈ ওলাই যোৱাৰ প্ৰায় ৬ মিনিটৰ পিছতে তেওঁ গুলীবৰ্ষণৰ শব্দ শুনে ৷ ইয়াৰ পাছতে চাবাই স্বামী ইমাললৈ ফোন কৰি পেটত গুলী লগাৰ কথা কয়। চাবাৰ স্বামী ইমালে ততালিকে ঘটনাস্থলীত উপস্থিত হয় ৷ আৰু চাবাক জৰুৰীকালীন চিকিৎসাৰ কাৰণে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে আৰক্ষী থানাটো উপস্থিত হৈ সকলো কথা বিতংকৈ কয় ।

দুস্কৃতিকাৰীয়ে গুলীবৰ্ষণ কৰা চাবাৰ বাহনখনত চাৰিজন লোক আছিল ৷ দুজন দেহৰক্ষী, এজন চালক আৰু এটা শিশু । দেহৰক্ষী দুজন আঘাতপ্ৰাপ্ত হ’লেও চালক আৰু শিশু কথমপি ৰক্ষা পৰিল বুলি জানিব পৰা গৈছে । সম্প্ৰতি চাবাৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে বুলিও জানিব পৰা গৈছে।

চাবা হৈছে আফগানিস্থানৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ লগতে পৰিচালক । তেওঁৰ বেছিভাগ ছবিয়েই ন্যায়, দুৰ্নীতি আদিৰ বিষয়ৰ ওপৰত আধাৰিত ৷ ইয়াৰ ভিতৰত Commissioner Amanullh, The Law, Passing the Rainbow and kabul Dream Factoryৰ দৰে বহুতো ।

Exit mobile version