ঘৰুৱা উপকৰণৰ কৃপাত বগা মেকুৰী হ’লগৈ হালধীয়াঃ চাওক ফ’টো

WhatsApp Image 2020 08 26 at 7.23.28 PM

হালধিক শৰীৰৰ লগত ছালৰ মহৌষধ বুলি কোৱা হয় । আমি হালধি খোৱাৰ লগতে গতানুগতিক জীৱনত ব্যৱহাৰ কৰো ৷ কিন্তু থাইলেণ্ডৰ এগৰাকী যুৱতীয়ে দুৰ্ঘটনাবশত তেওঁৰ মেকুৰীটোৰ ওপৰত হালধি প্ৰয়োগ কৰাৰ পিছত তেওঁৰ মেকুৰীটো হালধীয়া হৈ পৰে ।

এই ঘটনাটোকে থামপা চুপামাছ নামৰ যুৱতীগৰাকীয় ফেচবুকত শ্বেয়াৰ কৰি নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে । ঘটনা অনুসৰি মেকুৰীটোৰ ছালত সংক্ৰমণ হৈছিল । ইয়াৰ পিছতে থামপাই মেকুৰীৰ সংক্ৰমণ হোৱা ঠাইত হালধি লগাবলৈ লওতেই অসাৱধানবশত: গোটেই মেকুৰীটোৰ শৰীৰত হালধি লাগি যায় আৰু মেকুৰীটো হালধীয়া হৈ পৰে ৷

সম্প্ৰতি থামপাৰ মেকুৰীটো জনপ্ৰিয় চৰিত্ৰ পকেম’নৰ লগতে তুলনা কৰা হৈছে । ছ’চিয়েল মিডিয়াত ক্ৰমে ভাইৰেল হৈ পৰা ফ’টোসমূহত পূৰ্বৰ বগা আৰু সম্প্ৰতি হালধীয়া হোৱা মেকুৰীটো দেখা গৈছে । ইপিনে সম্প্ৰতি মেকুৰীটোক থামপাই মেকআপ কৰি জনপ্ৰিয় চৰিত্ৰ পকেমনৰ লগত তুলনা কৰা হৈছে ৷

Exit mobile version