সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন হৈ আহিছে । চিবিআইয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব লগা হৈছে ৰিয়া । এই সন্দৰ্ভত প্ৰত্যকদিনাই সংবাদ মাধ্যমৰ সন্মুখীন হ’ব লগা হৈছে ৰিয়া আৰু ৰিয়াৰ পৰিয়াল । প্ৰত্যেক দিনাই ৰিয়াৰ বাসভৱন ভিৰ কৰে অজস্ৰ লোকে ।
ইনষ্টাগ্ৰামত এই সন্দৰ্ভত এটা ভিডিঅ’ প’ষ্ট কৰে ৰিয়াই । ভিডিঅ’ টোত বহুলোকে ৰিয়াৰ দেউতাকক আগুৰি থকা দেখা গৈছে । প’ষ্টটোত ৰিয়াই লিখে, ‘এইয়া মোৰ বাসগৃহৰ দৃশ্য । ভিডিঅ’টোত দেখা মানুহজন মোৰ দেউতা ইন্দ্ৰজিৎ চক্ৰৱৰ্তী । আমি ইডি, চিবিআই আৰু বিভিন্ন তদন্তকাৰী কৰ্তৃপক্ষক সহযোগ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছো।’ লগতে অভিনেত্ৰী গৰাকীয়ে কয় মই অলপো সুৰক্ষিত নহয় ।
লগতে অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ সদস্যসকলো সুৰক্ষিত নহয় বুলি উল্লেখ কৰে । ৰিয়াই নিজৰ লগতে পৰিয়ালৰ সদস্য সকলৰো জীৱনৰ সুৰক্ষা বিচাৰি মুম্বাই আৰক্ষীলৈ প’ষ্টটোৰ জৰিয়তে ব্যক্ত কৰে । লগতে অভিনেত্ৰী গৰাকীয়ে কয় , ‘এই সন্দৰ্ভত স্থানীয় আৰক্ষীকো ব্যক্ত কৰা হৈছে। কিন্তু আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা আগনবঢ়ালে।’
উল্লেখ্য যে ৰিয়া চক্ৰৱৰ্তীৰ ম’বাইল ফোন চিবিআইয়ে জব্দ কৰে । লগতে ৰিয়াৰ বিভিন্ন জনৰ লগত হোৱা হোৱাটএপ চাট ফাদিল হৈছে । এই ‘হোৱাটছএপ’ বাৰ্তালাপৰ জৰিয়তেও সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত বহু তথ্য পোহৰলৈ আহিছে ।