আকৌ বড়োলেণ্ড আন্দোলন হ’ব বুলি সন্দেহ অঞ্জলি দৈমাৰীৰ
বিশ্বত্ৰাস কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন পুনৰ ঘোষণা হোৱা নাই যদিও তলা বন্ধৰ কাৰ্যসূচী শিথিল হৈ পৰাত বিটিচিৰ চাৰিখন জিলাতে ৰাজনৈতিক দল সমূহে নিজৰ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ লগতে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে ।
আজি চিৰাং জিলাৰ ছাপাগুৰি লাউজুৰিপাৰাত কাজলগাঁও ব্লক বিপিএফৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । চিৰাং জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনেন বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকি বিপিএফৰ মহিলি গোটৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই ভাষণত মহিলাৰ সৱলীকৰণ কৰাত হাগ্ৰামা মহিলাৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে । বিটিচিৰ সামগ্ৰীক উন্নয়নৰ দিশতো কাম কৰি আহিছে ।
সমাগত বিটিচি নিৰ্বাচনত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ পৰিষদ গঠন হ’ব বুলি আশা ব্যক্ত কৰি ৰাইজক দলৰ প্ৰতি সঁহাৰি জনাই শক্তিশালী কৰিবলৈ আহ্বান জনায় । সভাত বিপিএফত সদ্য যোগদান কৰা বড়ো ৱমেন জাষ্টিছ ফ’ৰামৰ সভানেত্ৰী তথা বিপিএফৰ কেন্দ্ৰীয় সম্পাদক অঞ্জলি দৈমাৰীয়ে কয় যে, দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰ পাছতো দেশৰ নাগৰিকৰ মৌলিক সমস্যা ৰৈ আছে । অসমত সত্তৰ বছৰ ধৰি ৰাজ্য চৰকাৰ সমূহে বিভিন্ন দলে শাসন ভাৰ চলালে যদিও এতিয়াও বহু গাওঁ যাতায়াতৰ বাবে পথ নাই, নাই বিজুলী, বহুতৰে নাই থাকিব পৰা ঘৰ । গতিকে বিটিচি চুক্তি কৰি জংগলৰ পৰা ওলাই আহি যুৱক সকলে হঠাতে শাসন ভাৰ লৈ কাৰ্য সম্পাদন কৰিছে ।
বিগত পোন্ধৰ বছৰত আন্তঃ গাঁঠনি কৰাকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কৰিছে বিপিএফে । গতিকে পুনৰাই ৰাইজে বিপিএফক আকোঁৱালি ল’ব বুলিও তেওঁ মন্তব্য কৰে । সংবাদ মাধ্যমৰ আগত বড়ো নেত্ৰী অঞ্জলি দৈমাৰীয়ে এন ডি এফ বিৰ নেতা বি আৰ নাৱলা ওৰফে ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভত সভা সমূহত সকলোৱে কয় যদিও এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰানাই । ৰঞ্জন দৈমাৰী চুক্তি খনৰ বিষয়ে জনা নাছিল । তদানীন্তন বিচিটি চীফ হাগ্ৰামা মহিলাৰীয়েও বিটিআৰ চুক্তি কৰোতে সাক্ষী হে আছিল বুলি নেত্ৰী গৰাকীয়ে মত ব্যক্ত কৰে ।
বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক অন্ধকাৰত ৰাখি চুক্তিৰ দফাবোৰ কৰা হৈছিল বুলিওকয় দৈমাৰীয়ে। যাৰ বাবে হাগ্ৰামা মহিলাৰী অসন্তুষ্টি বোধ কৰা বুলি দেখিবলৈ পোৱা গৈছে । পুনৰাই পৃথক বডোলেণ্ড আন্দোলন হ’ব পাৰে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সম্ভাৱনীয়তা প্ৰকাশ কৰে অঞ্জলি দৈমাৰীয়ে।
সভাত বিটিচিৰ ১৫ নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, চিৰাং জিলা মহিলা বিপিএফৰ সভানেত্ৰী পূৰ্ণিমা ছেত্ৰী, আৰু বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য আব্দুল আৱাল মণ্ডল সহ কে’বাজনো নেতা উপস্থিত থাকে । সভাখনত সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে।