কেইদিনমানৰ আগতে বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে ছ’চিয়েল মিডিয়াত গণেশ চতুৰ্থীৰ এটা প’ষ্ট শ্বেয়াৰ কৰি বিভিন্ন অশালীন মন্তব্যৰে ট্ৰল কৰাৰ পাছতে এইবাৰ পুনৰ একে কাৰণতে ট্ৰল হ’ল চেইফ আলি খান আৰু চেইফৰ পূৰ্বপত্নী অমৃতা সিঙৰ কন্যা ছাৰা আলি খান। বৃহস্পতিবাৰে ছাৰাই গণেশ চতুৰ্থী পালন কৰাৰ কিছু ফটো শ্বেয়াৰ কৰিছিল। কেপচনত লিখিছিল ‘গনপতি বাপ্পা মৌৰয়া’। কিন্তু ফটোখন শ্বেয়াৰ কৰাৰ লগে লগেই একাংশ লোকে কিছুমান অপমান সূচক কমেণ্টেৰে ট্ৰল কৰি প্ৰশ্ন কৰে যে, আচলতে ছাৰা হিন্দু নে মুছলিম।
চাওঁ আহক ছাৰাই গুলপীয়া কুৰ্তী পৰিধান কৰি গণেশ চতুৰ্থী পালন কৰা ফটোখন –
ইয়াৰোপৰি ছ’চিয়েল মিডিয়াত প্ৰায় সকলো উৎসৱ পালনৰ ফটো শ্বেয়াৰ কৰে ছাৰাই। হোলী, দেৱালী, খ্ৰীষ্টমাছ অথবা ঈদ সকলো উদযাপন কৰে ছাৰাই । এইবছৰ হোলীত ভায়েক ইব্ৰাহিম আলি খানৰ সৈতে হোলীৰ এখন ফটো আৰু এটা সৰু কবিতা শ্বেয়াৰ কৰিছিল।
ঈদৰ সময়তো নিজৰ সৰুকালৰ আৰু বৰ্তমানৰ এখন ফটো শ্বেয়াৰ কৰিছিল ছাৰাই ।
ছাৰা আলি খানৰ খ্ৰীষ্টমাছত শ্বেয়াৰ কৰা ফটোখন চাওঁ আহক
ছাৰাই ২০১৮ ত কেডাৰনাথ ছবিখনৰ যোগেদি বলিউডৰ অভিনয় জগত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পাছতে অভিনয় কৰিছিল ‘চিম্বা’ত । এইবছৰৰ ভেলেণ্টাইন ডে’ৰ দিনা মুক্তি পোৱা ছাৰাৰ তৃতীয়খন চিনেমা আছিল লভ আজ কল , লগত অভিনয় কৰিছিল কাৰ্তিক আৰ্য়ানে । এতিয়া ছাৰাই আহিবলগীয়া চিনেমাখ কুলি নম্বৰ১ মুক্তি পোৱালৈ অপেক্ষা কৰিছে। য’ত বৰুণ ধৱনৰ লগত অভিনয় কৰিছে।