- বিগত ২৪ ঘন্টাত দেশত কৰ’নাত ৭০,৮৬৭ গৰাকীকৈ লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ দেশত কৰ’নাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৩৫,৩৬,৬৬৭ গৰাকী। মৃত্যু হৈছে ৬৩,৫৮০ গৰাকী লোকৰ।
- ৰিলায়েন্স গ্ৰুপে সম্প্ৰতি দেশৰ ৪২০ খন চহৰত সিচৰতি হৈ থকা বিগ বাজাৰ, ইজিডে’ আৰু FBBৰ ১৮০০তকৈয়ো অধিক ষ্ট’ৰ নিজৰ হাতলৈ আনিব । কোম্পানী দুটাৰ মাজত এই চুক্তি সম্পন্ন হৈছে ২৪৭১৩ কোটি টকাত ৷
- ৰাছিয়াত ছেপ্তেম্বৰৰ ১৫-২৬ তাৰিখলৈ হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলনত ভাগ লোৱাৰ সিদ্ধান্ত সলনি কৰিলে ভাৰতে।উল্লেখ্য যে উক্ত সামৰিক অনুশীলনত ভাৰতে চীৰ বৈৰী চীন আৰু পাকিস্তানৰ সেনাৰ সৈতে সামৰিক অনুশীলন কৰাৰ কথা আছিল।
- কৰ’না সংকটৰ মাজতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে ছেপ্টেম্বৰৰ প্ৰথমভাগতে পাব আগষ্ট মাহৰ দৰমহা । অসম চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে।
- বিগত ৪৮ ঘন্টাত জম্মু-কাশ্মীৰত ১০টা সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত হৈছে ৷ ইয়াৰ পূৰ্বে পুলৱামাত ৩টা, শ্বপিয়ানত ৪টা সন্ত্ৰাসবাদী নিহত হয়। উল্লেখযোগ্য যে যোৱা কিছুদিনত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষী-আৰক্ষীৰ সংঘৰ্ষ বৃদ্ধি পাইছে জম্মু-কাশ্মীৰত।
ADVERTISEMENT