অৱশেষত বহু তৰ্ক-বিতৰ্কৰ অন্তত ১ছেপ্তেম্বৰৰৰ পৰা অনুষ্ঠিত হ’ব JEE ২০২০ ৷ ইয়াৰ মাজত পৰীক্ষাৰ্থীসকলৰ কাৰণে নেশ্যনেল টেষ্টিং এজেন্সীয়ে ক’ভিড-১৯ৰ সময়ত ল’ব লগা সাৱধানতা শীৰ্ষক এখন নিৰ্দেশনা জাৰি কৰিছে । আনহাতে JEEৰ পৰীক্ষাৰ্থীসকলে JEEৰ পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ i.e.jeemain.nta.nic.in ৰ পৰা ডাউনলড কৰিব পাৰিব ৷ তথ্য অনুসৰি চলিত বৰ্ষত JEE Main পৰীক্ষাত প্ৰায় ৮.৫৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে ৷
ADVERTISEMENT
চাওঁ আহক JEE পৰীক্ষাৰ্থী সকলে লগত নিব নোৱাৰা সামগ্ৰীৰ তালিকা-
- পৰীক্ষাৰ্থীয়ে লগত মেটেলৰ বস্তু নিব নোৱাৰিব ৷ লগতে পৰীক্ষাৰ্থীসকলে কোনো ধৰণৰ গহনা পৰিধান কৰিব নোৱাৰিব।
- পৰীক্ষাৰ্থীসকলে লগত ফোন আৰু ঘড়ী নিব নোৱাৰিৱ ৷
- পৰীক্ষাৰ্থীসকলে টুপী, দোপাট্টা আদিৰ দ্বাৰা মুখমণ্ডল ঢাকিব নোৱাৰিব ৷ কিন্তু পূৰ্বতে অনুমতি থাকিলে পৰম্পৰাগত পোচাক পৰিধান কৰিব পাৰিব ।
- পৰীক্ষাৰ্থীসকলে হেণ্ডবেগ, ষ্টেচ’নাৰী আইটেমচ, ইলেক্ট্ৰনিক সামগ্ৰী অথবা মতবিনিময় কৰিব পৰা যিকোনো সামগ্ৰী লগত নিব নোৱাৰিব ৷
- পৰম্পৰাগতভাৱে পৰিধান কৰা কাড়া বা কিৰপনৰ সন্দৰ্ভত পৰীক্ষা গৃহৰ গেট বন্ধ হোৱাৰ ১.৩০ আগতেই কৰ্তৃপক্ষক জনাব লাগিব। অন্যথা পৰীক্ষা গৃহত সোমাবলৈ নিদিবও পাৰে।
- আনহাতে পৰীক্ষাৰ্থীসকলৰ কাৰণে নেশ্যনেল টেষ্টিং এজেন্সীয়ে ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবৰ কাৰণে বহু নিৰ্দেশনা জাৰি কৰিছে ৷ তাৰ ভিতৰত পৰীক্ষাত সকলো পৰীক্ষাৰ্থী, ফেকাল্টী সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব । পৰীক্ষা গৃহত সোমোৱাৰ আগত শৰীৰৰ উত্তাপ জুখিব লাগিব । কাৰোবাৰ জ্বৰ হ’লে পৃথক কোঠাত বহুওৱা হ’ব।
- পৰীক্ষা গৃহৰ কম্পিউটাৰ, মণিটৰ, কী বৰ্ড, মাউচ, ৱেবকাম, টেবুল-চকী আদি সকলো চেনিটাইজাৰ কৰিব লাগিব । লগতে দুৱাৰৰ হেণ্ডেল, ৰেলিং, লিফ্ট সকলো চেনিটাইজাৰ কৰিব লাগিব ৷ আনহাতে পৰীক্ষা অনুষ্ঠিত হোৱা প্ৰতিটো চিফ্টতে চেনিটাইজাৰ কৰিব লাগিব ।
- দুখন আসনৰ মাজত যথেষ্ট পৰিমাণৰ ব্যৱধান থাকিব লাগিব ।
- পৰীক্ষা গৃহসমূহত ওলোৱা সোমোৱা ঠাইত চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক।
- পৰীক্ষাৰ্থীসকলৰ মাজত প্ৰায় ৬ ফুট দূৰত্ব থাকিব লাগিব।
- পৰীক্ষাৰ্থীসকলে তিনিতৰপীয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।