নিৰ্বাচনত হাৰি হোৱাইট হাউচ ত্যাগ নকৰিলে সেনাই ট্ৰাম্পক বাহিৰ কৰিব: বাইডেনৰ দাবী

200401 2x1 donald trump joe biden ew 1155a 783b2a335319d054c2820d7d80ebc3a9.fit 760w

মাৰ্কিন ৰাষ্ট্ৰপতিৰ আসন্ন নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত যদি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউচ ত্যাগ কৰিবলৈ সন্মত নহয় তেন্তে তেওঁক ৰাষ্ট্ৰপতি ভৱনৰ পৰা বাহিৰ কৰিব । কঠোৰ ভাষাৰে প্ৰতিদ্বন্দী ট্ৰাম্পক এইদৰে সকীয়নি দিলে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনে ।

উল্লেখ্য যে, অহা তিনি নৱেম্বৰত আমেৰিকাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । বিভিন্ন প্ৰাক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি জনপ্ৰিয়তাৰ নিৰিখত বাইডেনতকৈ বহুখিনি পিছ পৰি আছে । ট্ৰাম্পে একাধিকবাৰ মন্তব্য কৰি কৈছিল যে, নিৰ্বাচনৰ ফলাফল যিয়েই নহওঁক তেওঁ কেতিয়াও হোৱাইট হাউছ ত্যাগ নকৰে ।

ডাকযোগে বেলট পেপাৰৰ বিৰোধিতা কৰি ট্ৰাম্পে কৈছিল যে মেইন ইন বেলটত জালিয়তী হোৱাৰ যথেষ্ট সম্ভৱনা আছে। নিৰ্বাচনৰ ৰায় বিপক্ষত গ’লে ভোটৰ ফলাফল তেওঁ স্বীকাৰ নকৰিব বুলি ট্ৰাম্পে মন্তব্য কৰিছিল। এনে মন্তব্যৰ পৰিপ্ৰেক্ষিতত ডেম’ক্ৰেটিক প্রাৰ্থী বাইডেনে কয় যে নিৰ্বাচনত পৰাজয়ৰ পাছত যদি ট্ৰাম্পে হোৱাইট হাউচ ত্যাগ কৰিবলৈ নিবিচাৰে তেন্তে তেঁওক ৰাষ্ট্ৰপতি ভৱনৰ পৰা উলিয়াই পঠিয়াব ।

Exit mobile version