মাৰ্ক জুকাৰবাৰ্গক অতিক্ৰমী বিশ্বৰ তৃতীয় ধনাঢ্যৰ স্বীকৃতি এলন মাস্ক

elon musk royal society
বিশ্বৰ তৃতীয়জন সবাতোকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত হ’ল এলন মাস্ক। বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্রিক গাড়ী নিৰ্মাতা কোম্পানী টেছলা আৰু স্পেচ এক্সৰ সহ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গক উক্ত স্থানৰ পৰা আঁতৰাই বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হ’ল ।
টেছলাৰৰ শ্বেয়াৰৰ  মূল্য বৃদ্ধিৰ জৰিয়তে এলনে এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল । ব্লুমবাৰ্গ বিলিয়েনৰ্ছ ইনডেক্সৰ তথ্য অনুসৰি জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ ১১০.৮ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে এলনৰ সম্পত্তিৰ পৰিমাণ ১১৫.৪ ডলাৰলৈ বৃদ্ধি পালে।
ইফালে, কালি এমেজনৰ মুৰব্বী তথা বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে স্বীকৃত জেফ বেজ’ছৰ প্ৰাক্তন পত্নী মেকেঞ্জী স্কট বিশ্বৰ সবাতোকৈ ধনাঢ্য মহিলাৰ হিচাপে ব্লুমবৰ্গৰ দ্বাৰা স্বীকৃত হয়।
৫০ বছৰীয়া মেকেঞ্জী সম্পত্তিৰ পৰিমাণ হৈছে ৬৬.৪ বিলিয়ন ডলাৰ। মেকেঞ্জীয়ে বেজ’ছৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ ক্ষতিপূৰণ হিচাপে কোম্পানীৰ চাৰি শতাংশ শ্বেয়াৰ লাভ কৰিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ বিশ্বৰ ধনাঢ্য মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।
Exit mobile version