ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পবিত্ৰ ভিঠিৰ গুৰু আসন জ্বলাই দিয়া কাৰ্যক তীব্ৰ নিন্দা “সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ”ৰ

সম্প্ৰীতিৰ মিলনভূমি নামনি অসমৰ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পবিত্ৰ ভিঠিৰ গুৰু আসন জ্বলাই দি পবিত্ৰ সত্ৰখনৰ ঐতিহ্যক কুলুষিত কৰাৰ চেষ্টা কৰিব খোজা কাৰ্যক তীব্ৰ নিন্দা কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী৷জাতীয় পৰিষদে।

পৰিষদে লগতে এই ঘটনাৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জৰিত সকলো লোকক গ্ৰেপ্তাৰ কৰি প্ৰশাসনে কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ কয়। ইপিনে বাৰে বাৰে অসমীয়া সমাজখনৰ অস্তিত্ব, প্ৰভূত্ব তথা জাতীয় আবেগত আঘাত হানি থাকিলে ধৈৰ্যৰ বান্ধ খোল খাব বুলি সকিয়াই দিয়ে সদৌ অসম গৰিয়া মৰিয়া পৰিষদে ৷ গুৰু আসন জ্বলাই দিয়াৰ সাহস কৰা ৰফিকুল নামৰ দুৰ্বৃত্তৰ কোনো বহিঃশক্তিৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলিও পৰিষদে আশংকা কৰিছে ৷

লগতে তেওঁলোকে প্ৰশ্ন কৰে কোনো বহিঃশক্তিৰ বলত বলিয়ান নহ’লে অসমীয়া সমাজখনক প্ৰত্যাহ্বান জনাবলৈ সাহস ক’ত পালে ?গতিকে সমগ্ৰ ঘটনা অতি চিন্তনীয়৷ আৰক্ষী-প্ৰশাসনে ইয়াত অন্তঃনিহিত হৈ থকা কথা পোহৰলৈ আনি ভৱিষ্যতৰ অসমখনক অধিক সুৰক্ষিত কৰাৰ লগতে অসমীয়া জাতিক সুৰক্ষিত কৰাত সহয় কৰিব লাগে আৰক্ষী-প্ৰশাসনে৷

আনহাতে অসমৰ সকলো ঐতিহ্যমণ্ডিত সত্ৰ, নামঘৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰাৰ দাবী জনাই পৰিষদে ৷ অসমত বিভেদ আৰু বিদ্বেষৰ স্থান নাই৷ এইখন শংকৰ-আজানৰ দেশত শান্তি আৰু একতাৰ এনাজৰীডাল কটকটীয়া হৈ আছিল আৰু থাকিব৷ অসমীয়াৰ শত্ৰুৱে সমাজখনক থানবান কৰিব খুজিলেও থানবান কৰিব নোৱাৰিব বুলি কয় সদৌ অসম গৰিয়া মৰিয়া পৰিষদে ।

Exit mobile version