ৰাজ্যত বৃদ্ধি পোৱা কৰ’না ভাইৰাছৰ সন্দৰ্ভত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত মন্ত্ৰী ড° শৰ্মাই কয় যে
পেয়িং কেবিনৰ মাছুলক বাদ দি কৰ’নাৰ বাকী চিকিৎসা বিনামূলীয়া । কেৱল কেবিনৰ বাবেহে টকা দিব লাগিব। লগতে খোৱা, প্লাজমা, বেজী আদিৰ বাবে ধন লোৱা নাই।
মেডিকেল কলেজ বা পেয়িং কেবিনেট থকাসকলৰ কাৰণে প্লাজমা হ’ব বিনামূলীয়া।কিন্তু নাৰ্ছিং হোমত কেৱল প্লাজমা কিটৰ বাবে ধন লোৱা হৈছে।
ৰাজ্যৰ অন্য জিলাৰ পৰা কোনো লোক গুৱাহাটীত চিকিৎসাধীন হৈ থাকিলে ,তেওঁলোকক ঘৰত থোৱাৰ বাবে ব্যৱস্থা কৰি দিব চৰকাৰে ৷অৱশ্যে মহানগৰীৰে কোনো লোক সুস্থ হোৱাৰ পাছত নিজৰ ধনেৰে ঘৰলৈ যাব লাগিব ।
ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কোনো তলাবন্ধ দিব নোৱাৰে ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লৈহে তলাবন্ধৰ দিব পাৰিব ৷
আনহাতে কৰ’না সংক্ৰমণ পৰা ৰক্ষা পাবলৈ সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান কৰে মন্ত্ৰী ড° শৰ্মাই ।অন্যথা ৫০০ টকা জৰিমনা লোৱাতো বাধ্যতামূলক কৰা হ’ব।
উল্লেখ্য যে কাইলৈ আৰক্ষী আৰু আনবোৰ বিভাগ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ সন্দৰ্ভত আলোচনাত বহিব।
ইফালে ২৪ ঘন্টাত কোনো লোকক ক’ভিড টেষ্টৰ ফলাফল লাগিলে ধন দিব লাগিব। আনহাতে সম্প্ৰতি বৃদ্ধি পোৱা কৰ’নাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে চিন্তা প্ৰকাশ কৰিছে।লগতে যদি ৩০০০কৈ প্ৰত্যেক দিনেই ক’ভিড পজিটিভ ধৰা পৰে তেন্তে পৰিস্থিতি জটিল হ’ব।
লগতে তিনিটা আঁচনিৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
ইয়াৰে সংশোধিত বা পুনৰীজ্জীৱিত স্বয়ম অৰ্থাৎ স্বামী বিবেকানন্দ য়ুথ এমপাৱাৰমেন্ট আঁচনি অনুসৰি অহা ৩ মাহত ৰাজ্য চৰকাৰে ১হাজাৰ কোটি টকা খৰচ কৰিব বিচাৰছে।