২১খন দেশৰ ১০ বছৰৰ গৱেষণাৰ তথ্য

wrice

শেহতীয়া এক গৱেষণা অনুসৰি ২১ খন দেশৰ প্ৰায় ১,৩০,০০০ জন প্ৰাপ্তবয়স্ক লোকৰ বগা চাউল খোৱাৰ পিছত ডায়বেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ বিগত দিনৰ পৰা লাভ কৰা গৱেষণা অনুসৰি এই সম্ভাৱনা দক্ষিণ এছিয়া দেশসমূহত বেছি ৷ এই দেশসমূহৰ ভিতৰত আছে ভাৰত, চীন অৰু ব্ৰাজিল । লগতে আছে উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ইউৰোপ ।

এই দেশসমূহত পোৱা বগা চাউলসমূহৰ ওপৰত ধানৰ এটা চামনি থাকে ।চাউলটোক সচৰাচৰ বগা কৰিবলৈ ওপৰৰ “প’লিচ”কৰা হয় । এই চাউলটো বেয়া নহ’বলৈ অলপ দিন সংৰক্ষণ কৰি ৰাখিব পাৰি । অন্যহাতে বগা চাউলৰ প’লিচ কাৰ্যটোৱে চাউলটোত থকা “ভিটামিন বি”ক আঁতৰাই দিয়ে । লগতে বগা চাউলে শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে। International Diabetes Federationৰ মতে বিশ্বত সম্প্ৰতি ৪২.৫ কোটি লোকে ডায়বেটিছত ভূগি আছে।

আনহাতে এনেদৰে থাকিলে ২০৪৫ লৈ ডায়বেটিছ ৰোগীৰ সংখ্যা ৬২.৯ কোটি হ’বগৈ বুলি আশংকা কৰিছে Federationয়ে । ২০১২ৰ গৱেষণা অনুসৰি বগা চাউলে ডায়বেটিছ হোৱাৰ আশংকা ১১ শতাংশ বৃদ্ধি কৰে। ইফালে বেংগালুৰুৰ চিকিৎসক ড° গৌৰী কুলকৰ্নীৰ মতে “দক্ষিণ এছিয়া লোকসকলৰ একাংশই বংশগতভাৱে ডায়বেটিছ লাভ কৰে ।”

আনহাতে ডাইবেটিছৰ সমীক্ষাটোত অংশ লোৱা লোকসকলে এদিনত প্ৰায় ১৫০ৰ পৰা ১২৮ গ্ৰামলৈ বগা চাউল গ্ৰহণ কৰে । আনহাতে দক্ষিণ এছিয়া দেশত ৬৩০ গ্ৰাম বগা চাউল এদিনত লাগে । ইপিনে দক্ষিণ পূব এছিয়াত ২৩৯ গ্ৰাম আৰু চীনত ২০০ গ্ৰাম চাউল লাগে ।

আনহাতে সোৱাদৰ কাৰণে মানুহৰ বগা চাউল প্ৰতি আকৃষ্ট বেছি। কাৰণ সকলোৱে বগা চাউলৰ সোৱাদ লৈয়ে ডাঙৰ হৈছে  ৷ আনহাতে গৱেষণা অনুসৰি খাদ্যত বগা চাউল গ্ৰহণ কৰা সকলোৱে যে ডায়বেটিছ ৰোগী তেনে নহয় । গতিকে সকলোৱে স্বাস্থ্যৰ প্ৰতি সচেতন হৈ খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ পক্ষে উত্তম।

Exit mobile version