নতুন শিক্ষা নীতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল ভাৰতৰ সংকল্প সম্পূৰ্ণ হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

916783 pm modi

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সন্দৰ্ভত আয়োজিত এখন বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সদৰী কৰে যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সম্পূৰ্ণ হ’ব  ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুন শিক্ষা নীতি বহুত প্ৰাসংগিক আৰু এই সন্দৰ্ভত বহু আলোচনা কৰা হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় “নতুন শিক্ষা নীতিয়ে দেশৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা হাতত ল’ব । ইয়াৰ জৰিয়তে সকলো একত্ৰিত হ’ব ৷ শিক্ষা নীতিত চৰকাৰৰ দখল আৰু প্ৰভাৱ হ্ৰাস হ’ব ৷ নতুন শিক্ষা নীতিৰ জৰিয়তে শিক্ষক, অভিভাৱক ছাত্ৰই যিমানে সহযোগিতা আগবঢ়াব, সিমানেই নতুন শিক্ষা নীতিৰ প্ৰাসংগিকতা বৃদ্ধি পাব ৷ সুদীৰ্ঘ ৫ বছৰৰ পৰা দেশবাসীয়ে এই ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ দি আহিছে ৷ ড্ৰাফ্টৰ যোগেদি প্ৰায় ২ লাখ লোকে নিজৰ পৰামৰ্শ আগবঢ়াইছে ৷ আহক চাওঁ নতুন শিক্ষানীতিৰ কেইটামান মূল কথা

Exit mobile version