নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সন্দৰ্ভত আয়োজিত এখন বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সদৰী কৰে যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সম্পূৰ্ণ হ’ব ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুন শিক্ষা নীতি বহুত প্ৰাসংগিক আৰু এই সন্দৰ্ভত বহু আলোচনা কৰা হৈছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় “নতুন শিক্ষা নীতিয়ে দেশৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা হাতত ল’ব । ইয়াৰ জৰিয়তে সকলো একত্ৰিত হ’ব ৷ শিক্ষা নীতিত চৰকাৰৰ দখল আৰু প্ৰভাৱ হ্ৰাস হ’ব ৷ নতুন শিক্ষা নীতিৰ জৰিয়তে শিক্ষক, অভিভাৱক ছাত্ৰই যিমানে সহযোগিতা আগবঢ়াব, সিমানেই নতুন শিক্ষা নীতিৰ প্ৰাসংগিকতা বৃদ্ধি পাব ৷ সুদীৰ্ঘ ৫ বছৰৰ পৰা দেশবাসীয়ে এই ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ দি আহিছে ৷ ড্ৰাফ্টৰ যোগেদি প্ৰায় ২ লাখ লোকে নিজৰ পৰামৰ্শ আগবঢ়াইছে ৷ আহক চাওঁ নতুন শিক্ষানীতিৰ কেইটামান মূল কথা
- প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “ৰাষ্ট্ৰীয় শিক্ষা নীতিক কোনো ধৰণৰ হেঁচা,অভাৱ আৰু প্ৰভাৱ নপৰাকৈ তৈয়াৰ কৰা শিক্ষাৰ ব্যৱস্থা। লগতে নতুন শিক্ষা নীতিয়ে সাধাৰণ পৰিয়ালসমূহৰ যুৱক যুৱতীসকলৰ সৰ্বশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহত সংস্থাপিত কৰাৰ পথ মুকলি কৰিছে ৷”
- ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বৰ বৃহৎ বিশ্ববিদ্যালয়ে যেতিয়া ভাৰতত নিজৰ কেম্পাচ খুলিব তেতিয়া ছাত্ৰসকলৰ বহিঃৰাজ্যলৈ যোৱাৰ প্ৰৱণতা হ্ৰাস পাব আৰু ইয়াৰ দ্বাৰা দেশৰ বিশ্ববিদ্যালয়ৰ মাজত প্ৰতিযোগিতা বাঢ়িব ।
- দীৰ্ঘসময়ৰ পৰা বেগ আৰু বৰ্ড পৰীক্ষাৰ সন্দৰ্ভত চলি থকা আলোচনাৰ প্ৰতিও চিন্তা কৰা হৈছে নতুন শিক্ষা নীতিত ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই শিক্ষা নীতি চৰকাৰৰ নীতি নহয় , দেশৰ শিক্ষা নীতি ।
- নতুন শিক্ষা নীতিৰ দ্বাৰা উচ্চ শিক্ষাৰ আনুষ্ঠানিক, প্ৰযুক্তি বিদ্যাৰ শিক্ষাক শ্ৰেণী কোঠাৰ পৰা বাহিৰলৈ আনিব বিচাৰিছে ।
- নতুন শিক্ষা নীতিয়ে অধ্যয়নতকৈ শিক্ষণত অধিক গুৰুত্ব দিছে ৷ লগতে এই শিক্ষা নীতিয়ে প্ৰত্যেক ছাত্ৰ ছাত্ৰীক সামৰ্থ্য ৰূপে গঢ়ি তুলিবলৈ পথ মোকলাই দিব ।