মুম্বাইক পাকিস্তান বুলি কোৱাৰ মাজতে আজি বলীউদৰ অভিনেত্ৰী কংগনা ৰনৌট উপস্থিত হ’ল মুম্বাইত। কংগনা মুম্বাইৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।কাৰণ মুম্বাই বিমানবন্দৰতে কংগনাৰ বিৰোধী- সমৰ্থকসকলে বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে।
কংগনাই বিমানবন্দৰৰ পৰা পোনতে খাৰস্থিত নিজৰ ঘৰত উপস্থিত হয়। আনহাতে অভিনেত্ৰীগৰাকীক ঘৰৰ বাহিৰত প্ৰায় ৫০ জনতকৈ অধিক আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰে ৷
ইপিনে মুম্বাইৰ ঘৰত উপস্থিত হৈয়েই কংগনাই মুখ্যমন্ত্ৰী উৰ্দ্ধৱ থাকৰেক প্ৰত্যাহ্বান জনায়৷ কংগনাই উদ্ধৰ্ৱ থাকৰেক তই বুলি সম্বোধন কৰি কয়” আজি মোৰ ঘৰ ভাঙিছে,কাইলৈ তোৰ অহংকাৰ ভাঙিব৷ জয় মহাৰাষ্ট্ৰ৷ তই অনুভৱ কৰিছ ৷তই ছবিৰ মাফিয়াৰ লগত মিলিত হৈ মোৰ ঘৰ ভাঙি মোৰ প্ৰতি থকা প্ৰতিশোধ লৈছ ৷আজি মই এটা প্ৰতিজ্ঞা কৰিছো যে মই কেৱল অযোধ্যাক লৈয়ে নহয় ৷কাশ্মীৰক লৈয়ো ছবি নিৰ্মাণ কৰিম। দেশক প্ৰতিজন নাগৰিকক জাগ্ৰত কৰিম। থাকৰে যি পৰিস্থিতি মোৰ লগত হৈছে তাৰ বহুত কাৰণ আছে। জয় হিন্দ ৷”
উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কংগনা ৰানাউট আৰু বলীউডৰ মাজত চলি থকা যুদ্ধ খনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ কংগনাই বলীউডৰ বহু ৰথী৷মহাৰথীক স্বজনপ্ৰীতিক লৈ কটু ভাষাৰে সমালোচনা কৰে ৷
সম্প্ৰতি এই বিষয়টোত ৰাজনীতিৰ লগত জড়িত বহু ব্যক্তি ৰ নাম সাঙুৰ খাইছে ৷ তাৰ ফলশ্ৰুতিত আজি কংগনাৰ কাৰ্যালয়ত হাতুৰীৰ কোব পৰিল বুলি মন্তব্য কৰিছে একাংশ অনুৰাগীয়ে।