প্ৰধানমন্ত্ৰীৰ মৎস সম্পদা আঁচনিৰ শুভাৰম্ভ

Prime Minister Narendra Modi 170f3648543 large

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০,০৫০কোটি টকাৰ “মৎস সম্পদা আঁচনি”ৰ শুভাৰম্ভ কৰে ৷

অসমৰ প্ৰায় ১০০০০ কৃষকে আজি এই অনুষ্ঠানত ভাগ লৈ নাম পঞ্জীকৃত কৰে ৷

এইয়া আত্মনিৰ্ভৰশীল ভাৰতৰে এক বিশেষ পদক্ষেপ।

এই আঁচনিয়ে মৎস পালনৰ ক্ষেত্ৰত উত্তৰ পূবত বিশেষ ভূমিকা ল’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ইয়াৰ দ্বাৰা মৎস উৎপাদনৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে বিশেষভাৱে উপকৃত হ’ব ।

লগতে মোদীয়ে কয় যে দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে মৎস উৎপাদনত এক বৃহৎ পদক্ষেপ লোৱা হৈছে ।

লগতে এই অনুষ্ঠানত মীন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশ লোৱাৰ লগতে অসমৰ প্ৰত্যেক জিলাৰ প্ৰায় ১০,০০০ কৃষকে অংশ লয়। আৰু নাম পঞ্জীয়ন কৰে ৷

এই অনুষ্ঠানত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । ইয়াৰ ভিতৰত মন্ত্ৰী গিৰিৰাজ সিং,মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যও অংশ লয়।

Exit mobile version