অসম চৰকাৰে কোচ ৰাজবংশী সকলৰ বাবে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে কেবিনেটত অনুমোদন দিয়াৰ পিচতে জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনৰ মাজত সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশৰ । বিশেষকৈ সাংগঠনিক সংবিধান বিৰোধী কাৰ্যকলাপত কেন্দ্ৰীয় নেতৃত্ব জড়িত হৈ পৰাৰ অভিযোগত আক্ৰাছুৰ অৰুণ ৰায় গোটৰ মাজত ভাঙোনৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
‘আক্ৰাছুৰ উদ্দেশ্য কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নহয় বৰঞ্চ জনগোষ্ঠীটোৰ জনজাতিকৰণ কৰা। কমতাপুৰ ৰাজ্যৰ পুনৰুদ্ধাৰ কৰাৰ বাবেহে জন্ম হৈছিল আক্ৰাছুৰ ।’ এইদৰে আজি চিৰাঙত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে প্ৰকাশ কৰে । আক্ৰাছুৰ অৰুণ ৰায় গোটৰ চিৰাং জিলাৰ সভাপতি মণিৰাম ৰায়ে পাঁচটাকৈ আঞ্চলিক সমিতিলৈ আহি আজি আনুষ্ঠানিক ভাৱে কৰ্মেশ্বৰ ৰায় নেতৃত্বাধীন আক্ৰাছুত যোগদান কৰে ।
আক্ৰাছুৰ মুখ্য উপদেষ্টাজনে আক্ৰাছুৰ অন্য গোটৰ পৰা অহা সকলক আদৰণি জনাই কয় যে, ‘আমি কেএচিক আদৰণি জনাইছো, কিন্তু এয়া আক্ৰাছুৰ কাম্য নাছিল। আক্ৰাছুৰ কিছু লোকে কেএচিক লৈ অধিক উৎফুল্লিত হৈছে য’ত আনন্দিত হোৱাৰ প্ৰয়োজন নাই । গতিকে আমি কেএচিক লৈ আনন্দিত নহয় আৰু আমাৰ আন্দোলন স্থিমিত নহয় । আমাৰ আন্দোলন চলি থাকিব জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ পুনৰ উদ্ধাৰৰ বাবে ।’
মই কোনো ৰাজনৈতিক চিন্তা কৰা নাই বুলি হিতেশ্বৰ বৰ্মনে স্পষ্ট কৰি কয় যে, ‘আছুৰ ৰাজনৈতিক দল গঠনত আমাক মাতিছিল যদিও আমি যোৱা নাই । তেওঁলোকে শক্তিশালী ৰাজনৈতিক দল গঠন কৰক আমি বাহিৰৰ পৰা সমৰ্থন জনাম। অহা ২০২১ৰ পূৰ্বেই জাতিটোক জনজাতিকৰণৰ বাবে আমি গুৰুত্ব প্ৰদান কৰিছো ।’
আজি চিৰাঙৰ সুন্দৰি এম ই স্কুলত আয়োজিত এক সভাত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, আক্ৰাছুৰ উপ সভাপতি পুৰেন ৰায়, সাধাৰণ সম্পাদক জিৱেশ ৰায়ৰ লগতে অন্যান্য কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত আক্ৰাছুৰ অৰুণ ৰায় গোটৰ চিৰাং জিলা সভাপতি মণিৰাম ৰায় সহ পাঁচটাকৈ আঞ্চলিক সমিতিয়ে আনুষ্ঠানিক ভাৱে আহি কৰ্মেশ্বৰ ৰায় নেতৃত্বাধীন আক্ৰাছুৰ চিৰাং জিলা সভাপতি প্ৰাঞ্জল চৌধুৰীৰ সৈতে যোগদান কৰে ।
এই সন্দৰ্ভত আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে, ‘একাংশ লোকে ক্ষমতাৰ বাবে আক্ৰাছুৰ গোট গঠন কৰিছিল যদিও ৰাইজে তেওঁলোকৰ প্ৰকৃত স্বৰূপ বুজি পাইছে । কেএচি পোৱাৰ লগে লগে আক্ৰাছুৰ নামধাৰী নেতা সকলে ফটকা ফুটাই গাত ৰং সানি আনন্দ উল্লাসত উটি ভাহি গৈছে । তেওঁলোকে পাহৰিলে যে সকলো কোঁচ ৰাজবংশী লোক এই কেএচিত অন্তৰ্ভুক্ত হোৱা নাই । ৰাভা হাছং আৰু বিটিচিত বৃহৎ সংখ্যক কোচ ৰাজবংশী লোক বসবাস কৰে তেওঁলোকে ইয়াৰ কোনো সুবিধা নাপাব। কেএচি বিচাৰি আক্ৰাছুয়ে আন্দোলন কৰা নাছিল । আক্ৰাছুৰ আন্দোলন আছিল বৃহৎ জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ পুনৰ উদ্ধাৰ কৰাহে । এতিয়াও আমি কোনো এটাতে সফলতা লাভ কৰা নাই বুলি কয় আক্ৰাছুৰ সম্পাদক জীৱেশ ৰায়ে । আক্ৰাছুৰ অৰুণ ৰায়ে গোট এৰি কিয় কৰ্মেশ্বৰ ৰায়ৰ গোটত আহিবলগীয়া হ’ল, সেই বিষয়ে জিলা সভাপতি মণিৰাম ৰায়ে কয় যে গোটটোত সংবিধান বিৰোধী কাৰ্যকলাপৰ বাবে এৰি গুচি আহিবলগীয়া হ’ল । যি উদ্দেশ্য লৈ আক্ৰাছুত যোগদান কৰা হৈছিল, তাত উদ্দেশ্য বিৰোধী কাৰ্য্যকলাপে ভৰি পৰিছে । আক্ৰাছুৰ এই গোটটোত অৰ্থাৎ কৰ্মেশ্বৰ ৰায়ৰ গোটত এতিয়াও নিয়মানুৱৰ্তিতা, সংবিধান অনুসৰি সকলো কাম-কাজ চলি থকা দেখি আজি পূৰ্বৰ অৰুণ ৰায় গোটৰ পৰা পদত্যাগ কৰি আহি যোগদান কৰাৰ কথা জনায় চিৰাং জিলা সভাপতি মণিৰাম ৰায়ে।’
উল্লেখ্য যে আক্ৰাছুৰ অৰুণ ৰায় গোট কে এ চি গঠনৰ পিচতে থানবান হোৱাৰ উপক্ৰম হৈছে । ইতিমধ্য গোসাইগাঁও জিলা, কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিয়ে কৰ্মেশ্বৰ গোটত যোগদান কৰিলে । আক্ৰাছুৰ মূল আন্দোলন জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰুদ্ধাৰ কৰাৰ বাবে আন্দোলন চলাই যোৱাৰ আন্দোলন কৰি যাব বুলি কয় আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে ।