নগাঁও জিলাৰ চামগুৰিৰ নিকতৱৰ্তী ভগামুৰত যোৱা নিশা আৰক্ষী আৰু বন্যপ্ৰাণী বিভাগৰ স্পেচিয়েল টাস্ক ফ’ৰ্চয়ে যুটীয়া অভিযান চলাই চোৰাং চিকাৰীৰ ঘৰত অভিযান চলাই বন্যপ্ৰাণীৰ কেতবোৰ অংগ প্ৰতংগ উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে ছফিকুল ইছলাম নামৰ গঁড়ৰ চোৰাং চিকাৰী জনৰ ঘৰৰ পৰা গঁড়ৰ ছাল,নখ,হৰিণৰ শিঙৰ লগতে এটা কেকোঁ সাপো উদ্ধাৰ কৰে।
গোপন সূত্ৰৰ ভিত্তিত ভগামুৰৰ ছফিকুল ইছলামৰ ঘৰত অবৈধ ভাবে মজুত কৰি ৰখা বন্যপ্ৰাণীৰ অংগ প্ৰতংগ মজুত কৰা বুলি পোৱা খবৰৰ ভিত্তিত আভিযানটো চলোৱা হৈছিল বুলি চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আভিযানকাৰী দলটোৰ উমান পাই চোৰাং চিকাৰী ছফিকুলে ঘৰৰ পৰা পলায়ন কৰে। যোৱা নিশা জব্দ কৰা গঁড়ৰ ছাল,নখ, হৰিণৰ শিঙ আৰু কেকোঁসাপটো আৰক্ষীয়ে বন বিভাগৰ হাতত চমজাই দিয়াৰ লগতে গড়ঁৰ চোৰাং চিকাৰৰ সৈতে জড়িত ছফিকুল ইছলামৰ সহ উক্ত চক্ৰটোক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷






























