JEE-মেইন পৰীক্ষাৰ ফলাফল ঘোষণা,২৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ ১০০ শতাংশ নম্বৰ লাভ

jee 1579280009

নেশ্যনেল টেষ্টিং এজেন্সী(NTA )য়ে ঘোষণা কৰিলে JEE মেইন পৰীক্ষাৰ ফলাফল ।কৰ’না মহামাৰীৰ মাজত অনুষ্ঠিত হৈ ঘোষণা হোৱা এই পৰীক্ষাত ২৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছে ৷

১০০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত আছে তেলেংগানাৰ ৮ জন ,ৰাজধানী দিল্লীৰ ৫ জন,৪ জন ৰাজস্থানৰ,৩ জন অন্ধ্ৰপ্ৰদেশ আৰু ২ জন হৈছে হাৰিয়ানা আৰু গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ১জন ।

কৰ’না ভাইৰাছৰ মাজতে বিভিন্ন বিতৰ্কৰ অৱসান ঘটাই ১ ৰ পৰা ৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছিল JEE. মহামাৰীৰ যাতে সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক ,চেনিটাইজাৰ,হেণ্ড গ্ল’ৱছ বাধ্যতামূলক কৰিছিল পৰীক্ষাৰ কৰ্তৃপক্ষই।

JEE পৰীক্ষাৰ কাৰণে ৮.৫৮ লাখ ছাত্ৰ ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল ৷ইয়াৰে ৭৪ শতাংশ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

JEE পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিৰোধ কৰিছিল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ লগতে বিৰোধী দলৰ মুখ্যমন্ত্ৰীসকলে ৷এই বিষয়টোৱে ইমানেই চৰ্চা লাভ কৰিছিল যে এই বিতৰ্কই উচ্চতম ন্যায়ালয়ৰ মজিয়া গৰকিছিল। পিছে উচ্চতম ন্যায়ালয়ে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে ৷

Exit mobile version