মহামাৰী কৰ’না ভাইৰাছৰ বাবে বিগত প্ৰায় ৬ মাহ ধৰি পূৱ মানচেষ্টাৰ খ্যাত শুৱালকুচিৰ বস্ত্ৰ উদ্যোগে হেৰুৱাই পেলাইছে ছন্দ। ফলত উদ্যোগপতি কিম্বা শিপিনীয়ে জীয়াই থকাৰ সম্বল বিচাৰি থৰকাচুটি হেৰুৱাই পেটৰ তাড়নাত দিন হাজিৰা কৰিছে বহিঃ কোম্পানীত।
শুৱালকুচিৰ বহুকেইজন শিল্পীয়ে জনোৱা মতে, বিগত প্ৰায় পাঁচ বছৰ ধৰি শুৱালকুচিৰ বস্ত্ৰ শিল্পৰ প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে ইতিমধ্যে কোঙা কৰি তুলিছে। উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বজাৰ নথকা বাবে উৎপাদন বন্ধ হৈ যায় ।
যাৰ ফলত মালিক আৰু শিপিনী পক্ষই ভীষণ ক্ষতিৰ সন্মুখীন হৈছে । শুৱালকুচি শিপিনী বা অন্যান্য সংগঠনসমূহৰ তীব্ৰ হেঁচাত আৰ্টিফেডে তলাবন্ধৰ সময়ত নিৰ্ধাৰিত মানুহৰ পৰা নামমাত্ৰ কেইখনমান বস্ত্ৰ ক্ৰয় কৰি দায় সামৰে।
লগতে জনায় যে, শুৱালকুচিৰ বৰ্তমান অৱস্থাটোৰ বাবে একমাত্ৰ দায়ী চৰকাৰ। বিগত ১৬ বছৰে অঞ্চলটোক প্ৰতিনিধিত্ব কৰি ড° হিমন্ত বিশ্ব শৰ্মায়ো বস্ত্ৰ উদ্যোগটিক উত্তৰণৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰিলে। সেয়ে অতি শীঘ্ৰে বস্ত্ৰ উদ্যোগৰ কোনো আঁচনি গ্ৰহণ কৰি শিল্প উদ্যোগটি পুনৰোজ্জীৱিত কৰিবলৈ চৰকাৰক অনুৰোধ জনায় শিপিনীসকলে।
আনহাতে, সময় থাকোতে যদি চৰকাৰে শিল্প উদ্যোগটিৰ ক্ষেত্ৰত কোনো আঁচনি গ্ৰহণ নকৰে তেন্তে অতি সোনকালেই বিশ্ব মানচিত্রৰ পৰা শুৱালকুচিৰ বস্ত্ৰ উদ্যোগটি হেৰাই যাব সেয়া নিশ্চিত।