অসম নগালেণ্ড সীমান্তৰে ক’ৰ পৰা সৰবৰাহ হয় কোটি কোটি টকাৰ ড্ৰাগছ

WhatsApp Image 2020 09 14 at 6.21.13 PM

যুৱ প্ৰজন্মক ধ্বংসৰ মাজলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছে সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমকো প্ৰভাৱিত কৰি তোলা পৰিলক্ষিত হৈছে ৷ তলাবন্ধৰ সময়ছোৱাত কাৰ্বি আংলং আৰক্ষীয়ে অসম নগালেণ্ড সীমান্তত মাথো ১৮ কোটি টকাৰো অধিক ব্ৰাউন চুগাৰেই জব্দ কৰিছে  ৷

ইয়াৰ উপৰিও জব্দ কৰিছে পাঁচ কোটি টকাৰ নিষিদ্ধ ডব্লিউ ৱাই টেবলেট, আটক হৈছে বহু সৰবৰাহকাৰী ৷ এই ড্ৰাগছসমূহ মণিপুৰৰ পৰা নগালেণ্ডৰ ডিমাপুৰৰ মাজেৰে অসমলৈ সৰবৰাহ কৰে ড্ৰাগছ ব্যৱসায়ী চক্ৰই ৷

জানিব পৰা মতে এই নিষিদ্ধ ড্ৰাগছৰ অভিকেন্দ্ৰ হ’ল কুখ্যাত সোণালী ত্ৰিভুজৰ অংশ ম্যানমাৰ সীমান্ত ৷ হেৰই’ন, ব্ৰাউন চুগাৰ, ভাং, কানি, নিচাজাতীয় টেবলেটৰ বৃহৎ ভঁৰাল ম্যানমাৰ সীমান্তত নিয়ন্ত্ৰণাধীন উগ্ৰপন্থী গোটৰ  আয়ৰ অন্যতম মাধ্যম ৷

ম্যানমাৰৰ পৰা ড্ৰাগছ আহে মণিপুৰৰ ম’ৰেৰ চোৰাং ড্ৰাগছ ব্যৱসায়ী চক্ৰলৈ আৰু তাৰপৰাই বিভিন্ন মাধ্যম আৰু কৌশলেৰে উত্তৰ পূৰ্বাঞ্চলৰ আনকেইখন ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশলৈও সৰবৰাহ হয় উক্ত মাৰাত্মক ড্ৰাগছ ৷

অসমৰ ড্ৰাগছ সৰবৰাহৰ অন্যতম ক’ৰিডৰ হ’ল ম’ৰেৰ পৰা ডিমাপুৰ হৈ সীমান্ত সংযোগী ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ডিমাপুৰ সংযোগী এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাতেই বিগত ছয় মাহত কাৰ্বি আংলং আৰক্ষীয়ে অসমলৈ সৰবৰাহৰ চেষ্টা কৰা তিনি কেজিৰো অধিক হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷

এই ড্ৰাগছখিনিৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ১৮ কোটিৰো অধিক বুলি জানিবলৈ দিছে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসে ৷ আৰক্ষী বিষয়া জনে জনোৱা মতে নগাঁও, গুৱাহাটী আদি বিভিন্ন স্থানলৈ নি থকা সময়ত সৰবৰাহকাৰী সহ এই ড্ৰাগছখিনি জব্দ কৰা হৈছে  ৷

অৱশ্যে এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ উপৰিও ডিমাপুৰ সংযোগী কে’বাটাও উপপথো ড্ৰাগছ সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰাৰ তথ্য আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ৷ তলাবন্ধৰ সুযোগ লৈ সৰবৰাহকাৰীয়ে পিকআপ ভান, ট্ৰাক আদিত গোপন কক্ষ নিৰ্মাণ কৰি লোৱাৰ লগতে স্পেয়াৰ টায়াৰৰ ভিতৰতো ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে ৷

ইপিনে আগষ্ট মাহত কাৰ্বি আংলং আৰক্ষীয়ে মাঞ্জাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ট্ৰাকৰ পৰা ছয়ানব্বৈ হাজাৰটা ডব্লিউ.ৱাই টেবলেট জব্দ কৰে যাৰ আন্তৰাষ্ট্ৰীয় মূল্য পাঁচকোটি টকা ৷

কাৰ্বি আংলং আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰা মতে এই নিচাজাতীয় টেবলেট বিধৰ বাংলাদেশত সৰ্বাধিক চাহিদা আছে আৰু বাংলাদেশৰ বজাৰত ইয়াৰ এটা টেবলেটৰ মূল্যই ছশ টকা ৷  এইদৰে উপৰ্যুপৰি বৰবিহ ড্ৰাগছ জব্দৰ ঘটনাই সকলোকে সচকিত কৰি তোলাৰ লগতে সীমান্তত কটকটীয়া তালাছীৰ পোষকতা কৰিছে সচেতন মহলে ৷

Exit mobile version