ৰিয়া চক্ৰৱৰ্তীৰ সন্দৰ্ভত বলীউডৰ বহু ৰথী মহাৰথীৰ সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ

78083766

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীক NCB, CBI আৰু EDয়ে জেৰা অব্যাহত ৰাখিছে ৷ সেই সময়তে বিগত সময়ত ৰিয়া চক্ৰৱৰ্তীক সংবাদমাধ্যমে কৰা ব্যৱহাৰক লৈ দেশৰ বহু সংগঠন আৰু বহু লোকে সংবাদমাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

পত্ৰত লিখিছে “মৰমৰ সংবাদ মাধ্যম, যেতিয়া আমি সংবাদ মাধ্যমক ৰিয়া চক্ৰৱৰ্তীক কৰা ব্যৱহাৰ দেখো । আমি বুজি নাপাও যে সংবাদ মাধ্যমৰ নৈতিকতা ক’ত গ’ল ? আপোনালোকে এগৰাকী মহিলাৰ শ্লীলতা, গৰিমা অটুত ৰখাৰ পৰিৱৰ্তে কেমেৰা লৈ ৰিয়াৰ ওপৰত আক্ৰমণ কৰিবলৈহে গৈছে । আপোনালোকে ৰিয়াক অভিযুক্ত কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছে। আৰু ‘ৰিয়াক অভিযুক্ত কৰক’ নামেৰে এখন নাটক হৈ আছে ।”

ৰিয়া চক্ৰৱৰ্তীৰ সন্দৰ্ভত লিখা এই পত্ৰখনত ৬০ টা সংগঠন আৰু ২৫০০ জন লোকে হস্তাক্ষৰ কৰিছে । এই পত্ৰখন ১৪ ছেপ্টেম্বৰত medium.com ত ফেমিনিষ্ট ৱাইচেচ একাউণ্টৰ পৰা প’ষ্ট কৰা হৈছে । এই পত্ৰখনত হস্তাক্ষৰ কৰা লোকসকলৰ ভিতৰত আছে জ’য়া আখতাৰ, সোনম কাপুৰ, গৌৰি চিন্দেৰ লগত আন বহু লোক ।

পত্ৰখনত লিখা আছে যে “আমি ছলমান খান বা সঞ্জয় দত্তৰ সন্দৰ্ভত দয়ালু আৰু সন্মানজনক ভাবধাৰা প্ৰকাশ কৰো । কিন্তু যেতিয়া এগৰাকী মহিলাৰ কথা আহে বা সেই মহিলাগৰাকীয়ে অপৰাধ কৰিছেনে নাই সেয়া এতিয়ালৈকে প্ৰমাণো হোৱা নাই, আপোনালোকে তেওঁৰ চৰিত্ৰৰ ওপৰত বাৰে বাৰে প্ৰশ্ন কৰিছে । তেওঁৰ পৰিয়ালক লক্ষ্য কৰি ছ’চিয়েল মিডিয়াত উচতনি দিছে  আৰু মহিলাগৰাকীৰ গ্ৰেপ্তাৰ হোৱাক নিজৰ জয় বুলি ভাবিছে ৷  এইয়া কেনেধৰণৰ জয়?”

উল্লেখযোগ্য যে NCB য়ে সুশান্তৰ সন্দৰ্ভত মাদক দ্ৰব্য সেৱন আৰু আন বিভিন্ন দিশৰ পৰা কৰা তদন্তত ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হয় । আৰু ৰিয়া ভায়খলা কাৰাগাৰত আছে । NCB য়ে ৰিয়াক ড্ৰাগছ ছিণ্ডিকেটৰ সক্ৰিয় সদস্য বুলি মন্তব্য কৰিছে ।

Exit mobile version