অচিৰেই মুকলি হ’ব ছবিগৃহসমূহ

cinema halls rep1 1595657539

কেন্দ্ৰীয় চৰকাৰক মাল্টিপ্লেক্স এছ’চিয়েশ্যন অফ ইণ্ডিয়াই ছবি গৃহসমূহ মুকলি কৰি দিয়াৰ বাবে এক বিবৃতিযোগে আহ্বান জনাইছে । উল্লেখযোগ্য যে, কৰ’না মহামাৰীৰ সংকটৰ পৰিপ্ৰেক্ষিতত বিগত মাৰ্চ মাহৰ পৰা ভাৰতত ছবি গৃহসমূহ বন্ধ হৈ আছে । যাৰ কাৰণে ৯০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও মাল্টিপ্লেক্স এছ’চিয়েশ্যন অফ ইণ্ডিয়াই সদৰী কৰে ।

ইফালে কৰ’নাৰ কাৰণে ভাৰত চৰকাৰে ছবি গৃহসমূহ পুনৰ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকাৰ কাৰণেৰ নতুন ছবিসমূহ অনলাইন মাধ্যমতে মুকলি কৰি দিবলগীয়া হৈছে ৷ কিন্তু কৰ’নাৰ মহামাৰীৰ সময়ত ছবিগৃহসমূহ মুকলি কৰা সিদ্ধান্তৰ পিছত ছবিপ্ৰেমী দৰ্শকে ইয়াক কেনদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ৷

Exit mobile version