কে’বা মাহৰ অন্তত অৱশেষত সঞ্জয় দত্তই লগ পালে নিজ সন্তানক

Screenshot 112 1

অৱশেষত বহু দিনৰ অন্তত নিজৰ সন্তানক লগ পালে সঞ্জয় দত্তই। সম্প্ৰতি স্বাস্থ্যজনিত সমস্যাত চিকিৎসা গ্ৰহণ কৰি থকা বলিউদৰ অভিনেতা সঞ্জয় দত্তই কে’বামাহৰ অন্তত নিজ সন্তান শ্বাহৰান আৰু ইকৰাৰ স’তে মিলিত হয় ।

তলাবন্ধৰ সময়ছোৱাত সঞ্জয় দত্ত মুম্বাইত আছিল আৰু পত্নী মান্যতাই সন্তানৰ স’তে ডুবাইত আবদ্ধ হৈ আছিল। আনকি সঞ্জয় দত্তই জুলাইত ৬১ সংখ্যক নিজৰ জন্মদিন পালন কৰিছিল পত্নী মান্যতা আৰু দুয়ো সন্তানৰ অবিহনেই । মান্যতাই কেইদিনমানৰ আগতে মুম্বাইলৈ আহিছিল আৰু এই সপ্তাহৰ আৰম্ভণীতে সঞ্জয় দত্তৰ স’তে ডুবাইলৈ যাত্ৰা কৰিছিল ।

শুক্ৰবাৰে, মান্যতাই সঞ্জয় দত্ত, শ্বাহৰান আৰু ইকৰাৰ স’তে আনন্দদায়ক মুহূৰ্তৰ এখন পাৰিবাৰিক ফটো শ্বেয়াৰ কৰে। লগতে কেপছনত লিখে যে, ‘আজি মোক এনে এটা পৰিয়াল উপহাৰ দিয়াৰ বাবে ভগৱানক ধন্যবাদ দিব বিচাৰিছোঁ । কোনো অভিযোগ নাই… নাই কোনো অনুৰোধ । মাত্ৰ সদায় একেলগে থাকিব বিচাৰো।’

আনহাতে, মান্যতাই বুধবাৰে মান্যতাই প্লেনেৰে ডুবাইলৈ যাত্ৰা কৰাৰ সময়ত সঞ্জয় দত্তৰ স’তে এখন ফটো শ্বেয়াৰ কৰিছিল। লগত কেপছনত লিখিছিল ‘Enroute life’.

আনহাতে, যোৱা মাহত শ্বাসজনিত সমস্যাত ভূগি সঞ্জয় দত্ত মুম্বাইৰ হস্পিতালত ভৰ্তি হৈছিল । স্বাস্থ্যজনিত কাৰণত আগষ্টৰ ১১ তাৰিখে কামৰ পৰা বিৰতি লোৱাৰ কথা প্ৰকাশ কৰিছিল সঞ্জয় দত্তই ।

বলিউদৰ অভিনেতাজনক শেহতীয়াভাৱে চড়ক-২ ছবিখনত দেখা পোৱা গৈছিল। যিখন যোৱা মাহত ডিজনী হটষ্টাৰত ৰিলিজ দিয়া হৈছিল। Shamsheraৰ পাছতেই অভিনেতাগৰাকীৰ মুক্তিপাবলগীয়া ছবিকেইখন হ’ল – KGF-Chapter 2, Torbaaz, Bhuj: The Pride Of India and Prithviraj.

Exit mobile version