আজি জয়ন্ত হাজৰিকাৰ ৭৭ সংখ্যক জন্ম দিৱস । সেয়েহে সমগ্ৰ ৰাজ্যই সুঁৱৰিছে সকলোৰে বুকুৰ আপোন জয়ন্ত হাজৰিকা অৰ্থাৎ ৰাণা দাক ৷ ৰাণা দা কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ গীতবোৰ এতিয়াও চিৰসেউজ ৷ ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল ৰাণা দাই । ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত ৰাণা দাই বহুতো গীত সৃষ্টি কৰি গৈছে ৷
১৯৬২ চনত কলিকতাত ৰেকৰ্ড কৰা ‘আগলি বতাহে কপালে কলৰে পাত’ আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ গীত আজিও সকলোৰো মনত সজীৱ হৈ আছে ৷ অৱশ্যে জয়ন্ত হাজৰিকাই প্ৰথমে সুৰ দিয়া গীত আছিল আলিমুন্নিছা পিয়াৰৰ জেতুকা পাতেৰে দুহাত বোলালি, তামোলৰ পিকেৰে ওঁঠ ৰঙালী, ৰাঙলী কৰিলি আদি ৷
একে সময়তে হীৰেণ ভট্টাচাৰ্যৰ আন এটি গীত ফুলৰে চাকি উৰণীয়া, মনৰে পখী জুৰণীয়া, এই ৰাতি মোহনীয়া শীৰ্ষক এটি গীততো ৰাণা দাই সুৰ দিছিল ৷ কায়িকভাৱে ৰাণা দা আঁতৰি গ’ল সচাঁ কিন্তু এতিয়াও জনতাৰ মনত সজীৱ হৈ আছে শিল্পীজনৰ গীত ৷ কাৰণ ৰাণা দাই দি থৈ গেছে কিছুমান চিৰ সেউজ গীত।
নৱ প্ৰজন্মক এই মহান শিল্পী জনাৰ জীৱন অধ্যয়ণ কৰি তেওঁৰ গীতেৰে, তেওঁৰ সুৰেৰে, তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ প্ৰেৰণা দিলেহে জনতাৰ শিল্পী জনাক প্ৰকৃত সন্মান দিয়া হ’ব ।