- ৰাজ্যত পুনৰ ২,৫৯৫ গৰাকী ব্যক্তিৰ শৰীৰত শনিবাৰে অসমত ক’ভিড-১৯ পোৱা গৈছে । ইয়াৰে কামৰূপ মহানগৰৰ ৫৫৩, যোৰহাটৰ ২০৫, লখিমপুৰৰ ১৯৯ আৰু গোলাঘাটৰ ১৭৩গৰাকী ব্যক্তিৰ শৰীৰত পোৱা গৈছে কৰ’না । ইয়াৰ লগে লগে অসমত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৫,৪৫৩লৈ বৃদ্ধি পাইছে । মৃত্যু হৈছে ৫৪৮ জন ৷
- আজি গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৭ সংখ্যক জন্ম দিৱস । সেয়েহে সমগ্ৰ ৰাজ্যই সুঁৱৰিছে সকলোৰে বুকুৰ আপোন ৰাণা দাক । ৰাণা দা কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ গীতবোৰ এতিয়াও চিৰসেউজ ৷
- কৰ’না যোদ্ধাসকলক আক্ৰমণ কৰিলে সৰ্বোচ্চ পাঁচ বছৰৰ কাৰাবাসৰ লগতে ২ লাখ টকা পৰ্যন্ত জৰমিনা হ’ব পাৰে ৷ এই সন্দৰ্ভত ৰাজ্যসভাত এক নতুন বিল গৃহীত কৰা হৈছে । মহামাৰী ৰোগ(সংশোধনী) বিল, নামৰ বিলখন সংসদৰ উচ্চ সদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে উত্থাপন কৰাৰ পিছত গৃহীত কৰা হয়।
- জুহুৰ এটা পাৰ্টীত উচ্চ স্বৰত গীত বজাই ৪ জন লোকে ধৰ্ষণ কৰিছিল সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দিশা চেলিয়নক ৷ এই মন্তব্য পাৰ্টীত উপস্থিত থকা এজন প্ৰত্যক্ষদৰ্শীৰ ৷ আনহাতে সেই পাৰ্টিত উপস্থিত আছিল দিশাৰ বন্ধু ৰোহন ৰায় ৷ সকলো কথা জানিও এই পৰ্যন্ত মুখ খোলা নাই ৰোহনে ৷
- ২০২০ৰ আইপিএলৰ প্ৰথমখন মেচত জয়ী হল চেন্নাই ছুপাৰ কিংছ । মুম্বাই ইণ্ডিয়ানছৰ ১৬৩ ৰানৰ টাৰ্গেট ভংগ কৰি জয়ী হল CSK । ১৯.২ অভাৰত ৫ উইকেট হেৰুৱাই ১৬৬ৰান সংগ্ৰহ কৰে CSKয়ে ৷ চেন্নাইৰ হৈ ফাফ ডু প্লেছিছে ৫৮ আৰু আম্বাতী ৰায়াডুৱে ৭১ ৰান সংগ্ৰহ কৰে।
ADVERTISEMENT