ক্ৰমাৎ বগা হাতীত পৰিণত অভয়াপুৰীৰ বোৱালিমাৰীস্থিত হস্ততাঁত বস্ত্ৰশিল্প নিগমৰ কাৰ্যালয়

IMG20200910164727

ৰাজ-পৃষ্ঠপোষকতা অবিহনেই অসমৰ মহিলাই তাঁতৰ পাতৰ সপোন ৰচি বস্ত্রশিল্পত চহকী অঞ্চল হিচাপে গঢ়ি তুলিছিল যদিও অসমলৈ বহিঃ ৰাজ্যৰ পৰা শ শ কোটি টকাৰ মেখেলা চাদৰ, গামোছাকে ধৰি বিভিন্ন বস্ত্ৰ আমদানি হৈ আহিছে ।

উল্লেখ্য যে, হস্ততাঁত বস্ত্ৰ শিল্প নিগমৰ জৰিয়তে বিভিন্ন প্ৰান্তত বয়ন শিল্পৰ প্ৰসাৰ জনপ্ৰিয় কৰি তোলাৰ বাবে জিলাই জিলাই কাৰ্যালয় স্থাপন কৰিছে যদিও এতিয়া সকলো ভেকো ভাওনাত পৰিণত হৈছে । বঙাইগাঁও জিলাৰ হস্ততাঁত বস্ত্রশিল্প নিগমৰো একেই পৰিণতি । বঙাইগাঁও জিলাৰ শিপিনী সকলক উন্নতমানৰ প্ৰশিক্ষণ আৰু চৰকাৰী সা-সুবিধা প্ৰদানেৰে বয়ন শিল্পক গতিশীল কৰাৰ উদ্দেশ্যে অভয়াপুৰীত স্থাপন কৰা হৈছিল হস্ততাঁত বস্ত্রশিল্প নিগমৰ জিলা কাৰ্যালয়।

কাৰ্যালয়ৰ চৌহদত থকা প্ৰশিক্ষণ কেন্দ্ৰটোত ১৪ গৰাকী প্ৰশিক্ষাৰ্থীয়ে নিয়মীয়াকৈ পাঠগ্ৰহণ কৰাৰ লগতে বয়ন ক্ষেত্ৰৰ ব্যৱহাৰিক জ্ঞানো অর্জন কৰি আহিছে। তাৎপৰ্যপূৰ্ণ কথা যে, বহু বছৰ কোনোধৰণৰ মেৰামতি নকৰাৰ বাবে উক্ত কেন্দ্ৰটোৰ অৱস্থা হৈ পৰিছে তেনেই তথৈবচ । কেন্দ্ৰটোৰ ভিতৰত সোমালেই দুৰ্গন্ধত বাহিৰলৈ ওলাবলৈ বাধ্য কৰা পৰিৱেশতেই বছৰ বছৰ ধৰি আকৌ দেখুওৱা হৈছে প্ৰশিক্ষণৰ নাটক।

কেন্দ্ৰটোৰ ভিতৰত ১০/১২ খনমান অত্যাধুনিক তাঁতশাল আছে যদিও সিঁচৰত হৈ থকা হস্ততাঁত সমূহৰ আশী শতাংশই ইতিমধ্যে নষ্ট হৈ গৈছে। আবর্জনাৰ মাজত ভগাচিগা অৱস্থাত পৰি আছে সূতা কটা যন্ত্ৰৰ লগতে বয়ন শিল্পৰ সা-সৰঞ্জাম ।

আনহাতে, প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণৰ সময়ত মাহেকত ৮০ টকাকৈ ভাট্টা দিয়াৰ বাবে প্ৰশিক্ষণ লোৱাৰ বাবে ইচ্ছুক নহয় মহিলাসকল। ইপিনে, কার্যালয়টোৰ বাবে জীপগাড়ী এখন দিয়া হৈছিল যদিও বর্তমানে গাড়ীখনৰ জকাটোহে চৌহদত পৰিত্যক্ত হৈ থকা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, কুৰিজনকৈ অধিক কর্মচাৰীৰে বিয়াগােম কার্যালয়টোৰ যােগেদি গ্ৰাম্যাঞ্চলৰ শিপিনী সকলােৰ বাবে বীমা আঁচনি গ্ৰহণ কৰিছে যদিও উক্ত আঁচনিও ঢুকি পােৱা নাই প্রকৃত শিপিনী সকলােক ।

একেদৰে কার্যালয়টোৰ অধীনস্থ এলেকা যেনে অভয়াপুৰী বােৱাকটা সমবায় সমিতি, তুলুঙীয়াৰ লক্ষ্মীনাৰায়ণ বোৱাকটা সমবায় সমিতি, মাজগাওঁ বোৱাকটা সমবায় সমিতি, চোকাপাৰা বােৱাকটা সমবায় সমিতি, বিষ্ণুপুৰ বয়ন শিল্প, বৰঘােলা বােৱাকটা সমবায় সমিতি, চক্রভৌম উইভিং কোঃ অপাৰেটিভ চ’চাইটি, ধনতােলা বােৱাকটা সমবায় সমিতিকে ধৰি প্রায় ৩৫ খন পঞ্জীয়নভুক্ত সমিতি আছে যদিও উক্ত সমিতি সমুহেও কার্যালয়টোৰ জৰিয়তে লাভ কৰা নাই কোনাে সা-সুবিধা ।

গতানুগতিক ভাৱে চলি অহা কার্যালয়টোৰ জৰিয়তে মহিলা শিপিনীসকল কেনেদৰে উপকৃত হব তাকে লৈ এতিয়া প্রশ্ন উত্থাপিত হৈছে । উল্লেখ্য যে, অসমীয়া শিপিনীৰ বয়ন শিল্পৰ পাৰদৰ্শিতা প্রত্যক্ষ কৰি “মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে তাঁতৰ পাতত সপােন ৰচিব জানে” উক্তিৰ দ্বাৰা অসমীয়া শিপিনীক প্রশংসা কৰি যােৱাৰ বিপৰীতে চৰকাৰৰ উদাসীনতাৰ বাবে তামিলনাডু, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ পৰা লাখ লাখ গামােছাই ৰাজ্যখনৰ বজাৰ দখল কৰিছে । ফলত গামােছাৰ নামতেই ৰাজ্যখনৰ বাহিৰলৈ ওলাই গৈছে বছৰি কোটি কোটি টকা।

Exit mobile version