ৰাজহুৱা ক্ষেত্ৰৰ কোম্পানীৰ পাছত এইবাৰ নবোদয় বিদ্যালয়, IIT, IIM আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বেতনৰ পৰা প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি (PM CARES) লৈ ২১.৮১ কোটি টকা প্ৰদান কৰিছে ৷ অৱশ্যে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক চোৱা চিতা কৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত কয় যে “RTI আইনৰ অনুসৰি প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি কোনো ৰাজহুৱা সম্পদ নহয় ।”
কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ২০২০ ৰ ৩১আগষ্টলৈকে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিত জমা হয় ৩,০৭৬.৬২কোটি টকা । আনহাতে কাৰ্যালয়ৰ ৱেবছাইটৰ মতে “Voluntary Contributions”ৰ পৰা সাহাৰ্য লাভ কৰে ৩,০৭৫.৮৫ কোটি টকা ।
ইফালে, নবোদয় বিদ্যালয় সমিতিয়ে অকলেই প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ প্ৰদান কৰে ৭.৪৮ কোটি টকা । ১১ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে প্ৰদান কৰে ৩.৩৯ কোটি টকা । ইয়াৰ ভিতৰত আলিগড় মুছলিম বিশ্ববিদ্যালয়ে ১.৩৩ কোটি টকা প্ৰদান কৰে ৷ ইয়াৰ পাছতে বানাৰস হিন্দু বিশ্ববিদ্যালয়ে ১.১৪ কোটি আৰু দিল্লীস্থিত কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে দিয়ে ২৭.৩৮ লাখ টকা ২০ খন IIT য়ে প্ৰদান কৰে ৫.৪৭ কোটি টকা ।
IIT খৰাগপুৰে দিয়ে ১কোটি টকা, লগতে বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰদান কৰা হয় ৩৬.২২লাখ, পেঞ্চন লাভ কৰি ব্যক্তিসকলৰ পৰা পোৱা যায় ৮৯,১৮৪ টকা । ঠিক তেনেকৈ IIT কানপুৰে প্ৰদান কৰে ৪৭.৭১ লাখ । ১০ খন IIM য়ে প্ৰদান কৰে ৬৬ লাখ টকা । ৯ খন NIT য়ে প্ৰদান কৰে ১.০১ কোটি টকা ৷
ইয়াৰ ভিতৰত মনিট ভূপালে সকলোতকৈ বেছি ধন প্ৰদান কৰে ৷ মনিট ভূপালে ২১.৭৫ লাখ প্ৰদান কৰে । ইপিনে IISc বেংগালুৰুৱে প্ৰদান কৰে ২৫.৬৪ লাখ । অন্যান্য প্ৰতিষ্ঠানসমূহৰ লগতে NCERTয়ে প্ৰদান কৰে ৩৫.২২লাখ টকা ৷