বাদ-বিবাদৰ মাজতে ঘেঁহুকে ধৰি পাঁচবিধ শস্যৰ এম এছ পি বৃদ্ধি

Prime Minister Narendra Modi 170f3648543 large

কৃষি বিধেয়কক লৈ বাদ-বিবাদ অব্যাহত থকাৰ মাজতে খাৰিফ শস্যৰ ন্যূনতম সমর্থিত মূল্য (এম এম পি) নির্ধাৰণ কৰিলে কেন্দ্রীয় চৰকাৰে। বিগত বৰ্ষৰ কার্যসূচীতকৈ এমাহ পূর্বে সেই মূল্য নির্ধাৰণ কৰা হ’ল । এই মূল্যই সামৰি লােৱা শস্যৰ ভিতৰত আছে পঞ্জাৱ আৰু হাৰিয়ানাৰ মূল্য উৎপাদিত শস্য ঘেঁহু । এই দুই ৰাজ্যতে কৃষি বিধেয়কৰ বিৰুদ্ধে তুমুল প্রতিবাদ গঢ় লৈছে ।

আনকি বিজেপিৰ মিত্ৰজোঁট আকালি দলৰ নেত্রী কেন্দ্রীয় মন্ত্রী হৰছিমৰত কৌৰে প্রবল চাপৰ মুখত পৰি পদত্যাগো কৰে । নির্ধাৰিত মূল্য অনুসৰি প্রতি কুইণ্টলত ঘেঁহুৰ মূল্য ৫০টকা বৃদ্ধি কৰা হয় আৰু এই শীতৰ বতৰত ঘেঁহুৰ মূল্য হ’ব প্রতি কুইণ্টলত ১,৯৭৫ টকা । এই অঞ্চলৰ আন বৃহৎ উৎপাদিত শস্য সৰিয়হৰ মূল্য প্রতি কুইণ্টলত ২২৫ টকা বৃদ্ধি কৰি ৪,৬৫০ কৰা হৈছে।

ইয়াৰ উপৰি মাহ আৰু দাইল জাতীয় শস্যৰাে মূল্য বৃদ্ধি কৰা হৈছে। প্রতি কুইণ্টল ২২৫ টকা বৃদ্ধি হৈ মাহৰ দাম হ’ব ৫,১০০ টকা আৰু সর্বাধিক মূল্যবৃদ্ধি প্রতি কুইণ্টলত তিনিশ টকাকৈ হৈ দাইলৰ দাম হ’ব ৫,১০০ টকা। এক বিবৃতিত চৰকাৰে কয় যে অর্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় সমিতিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ অধ্যক্ষতাত এই ৰবি শস্যৰ এম এম পি বৃদ্ধিত অনুমােদন জনায়।

ইয়াৰ পাছত মােদীয়ে টুইটাৰযােগে কয়, কৃষকৰ হকে কাম কৰিবলৈ পােৱাটো আমাৰ বাবে এক বিশেষ সুযােগ । কৃষক সুহৃদ পদক্ষেপৰ স’তে সংগতি ৰাখি কেবিনেটে এম এছ পি বৃদ্ধিৰ আন এক ঐতিহাসিক সিদ্ধান্ত ল’লে। ইয়াৰ দ্বাৰা কোটি কোটি কৃষক উপকৃত হ’ব। পঞ্জাৱৰ মুখ্যমন্ত্রী অমৰেন্দ্ৰ সিঙে ইপিনে চৰকাৰৰ এই সিদ্ধান্তক অনুমতিহীন বুলি কয়।

তেওঁ কয় যে সামগ্রিকভাৱে এম এছ পিৰ ব্যৱস্থা আৰু ভাৰতীয় খাদ্য নিগম নিঃশেষ কৰাৰ বাট মুকলি কৰি দিয়া কৃষি বিধেয়কৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদৰ চৰকাৰে বিদ্ৰুপ কৰিছে ।

আনহাতে, প্রধানমন্ত্রী মােদীয়ে কৃষকসকলক এম এছ পিৰ বাবে অভিবাদন জনাই কয় যে চৰকাৰৰ এই সিদ্ধান্তই দেশৰ কোটি কোটি কৃষকক উপকৃত কৰিব। ইয়াৰ দ্বাৰা কৃষকৰ আয় দুগুণ হােৱাত সহায়ক হ’ব।

Exit mobile version