প্ৰচণ্ড বৃষ্টিপাতৰ সন্মুখীন মুম্বাইঃ স্তব্ধ জনজীৱন

f5accf12 f942 47ad 998b 120f8f15b29e

মুম্বাইত হোৱা মূষলধাৰ বৃষ্টিপাতে স্তব্ধ কৰিছে জনজীৱন ৷ধাৰাষাৰে হোৱা বৰষুণৰ কাৰণে মুম্বাইৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে। মুম্বাইৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ ৰাখিবৰ কাৰণে অনুমতি দিছে বিভাগীয় কৰ্তৃপক্ষই ।

ইফালে মূষলধাৰে হোৱা বৰষুণৰ কাৰণে মুম্বাইৰ বহু ট্ৰেইন আৰু যান বাহনত যাত্ৰী আৱদ্ধ হৈ আছে। যাৰ কাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল। ইপিনে BMC য়ে মুম্বাইৰ বহু অঞ্চল জলমগ্ন হোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন সেৱাসমূহক বাদ দি বহু কাৰ্যালয় বন্ধ কৰি দিছে।

আনহাতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ(IMD)ই আজি মুম্বাইৰ ঠানেত মূষলধাৰ বৰষুণৰ আগজাননী লাভ কৰি সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান কৰিছিল। IMD ৰ অনুসৰি আজি পুৱা পাঁচ বজালৈকে বৃষ্টিপাতৰ পৰিমাণ ২৭৩.৬ মিমী আৰু কালাবোত ১২২.২মিমী৷

পৌৰ নিগমৰ এজন বিষয়াৰ মত অনুসৰি বৰষুণৰ কাৰণে বহু পথ এতিয়া পানীৰ তলত ৷যাৰ কাৰণে যাতায়তৰ পথ পৰিৱৰ্তন কৰিছে বিভাগে ।উল্লেখযোগ্য যে বোম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মংগলবাৰৰ নিশাৰ পৰা হোৱা বৰষুণৰ কাৰণে সকলো শুনানি স্থগিত কৰিছে।

Exit mobile version