সংযুক্ত ৰাষ্ট্ৰৰ এক প্ৰতিবেদন অনুসৰি ক’ভিড ১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ অৰ্থ ব্যৱস্থা চলিত বৰ্ষত ৫.৯ শতাংশলৈ হ্ৰাস পাইছে। লগতে প্ৰতিবেদনখনত উল্লেখ আছে যে আৰ্থিক অৱস্থাৰ এই হাৰ অনাগত বৰ্ষত বৃদ্ধি পাব পাৰে যদিও আৰ্থিক সংকুচনৰ কাৰণে আয়ৰ পৰিমাণ হ্ৰাস পোৱাৰ আশংকা ব্যক্ত কৰিছে ৷
আনহাতে UN Conference on Trade and Developmentৰ Trade and Development প্ৰতিবেদন ২০২০ ৰ মতে কৰ’নাৰ ভাইৰাছৰ কাৰণে বৈদেশিক আৰ্থিক অৱস্থাই শোচনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। ব্যৱসায় আৰু বিকাশ সন্দৰ্ভত সংযুক্ত ৰাষ্ট্ৰৰ সন্মিলনৰ এই প্ৰতিবেদনে অনুমান কৰিছে যে চলিত বৰ্ষত বৈদেশিক অাৰ্থিক অৱস্থা ৪.৩শতাংশতকৈ হ্ৰাস পাব।
ইপিনে ব্ৰাজিল,ভাৰত আৰু মেক্সিকোত বৈদেশিক আৰ্থিক অৱস্থা সম্পূৰ্ণৰূপে শোচনীয়তাৰ ফালে গতি কৰা কাৰণে আৰ্থিক অৱস্থা পুনৰ উত্তৰণ হ’বলৈ চেষ্টা অব্য ৰাখিছে ৷ইয়াৰ প্ৰভাৱ ঘৰুৱা অৰ্থনীতিত পৰাৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো পৰিছে ৷চলিত বৰ্ষৰ ব্যৱসায় ২০ শতাংশ হ্ৰাস পাব।
UNCTADৰ অনুমান অনুসৰি চলিত বৰ্ষত দক্ষিণ এছিয়া আৰ্থিক অৱস্থা ৪.৮ শতাংশ হ্ৰাস পাব। কিন্তু ২০২১ বৰ্ষত আৰ্থিক অৱস্থাৰ হাৰ বৃদ্ধি হোৱাৰ আশা কৰিব পাৰি ।