দেশত ক্ৰমাগতভাৱে দ্রুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ । ইয়াৰ মাজতে সক্ৰিয় কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে অন্ধ্ৰ প্ৰদেশত। বিগত দুসপ্তাহত ৩০% কমি যোৱা পৰিলক্ষিত হৈছে ।
অন্ধ্ৰ প্ৰদেশত ধাৰাবাহিকভাৱে ১০ ছেপ্টেম্বৰ পৰ্যন্ত ১০ হেজাৰ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল । নতুন তথ্যৰ ভিত্তিত অন্ধ্ৰ প্ৰদেশত ৮০০০ তকৈ কম লোক আক্ৰান্ত হৈছে কৰ’নাত ।
আনহাতে, দেশত সৰ্ব্বোচ্চ কৰ’নাত আক্রান্ত হোৱা পাঁচখন ৰাজ্যত বিগত কিছু দিনৰ পৰা ক্ৰমাৎ সক্রিয় ঘটনাৰ হাৰ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে । মাহৰ আৰম্ভণিতে ৰাজ্যত দৈনিক বৃদ্ধিৰ হাৰ যিটো হাৰত বৃদ্ধি পাইছিল সম্প্ৰতি তাৰ অৰ্ধ হৈছে । ২.৫ শতাংশৰ পৰা হৈছেগৈ ১.২৫ শতাংশ। আনহাতে, মহাৰাষ্ট্ৰত বিগত দিনত সক্ৰিয় ঘটনাৰ ১০ শতাংশ হ্ৰাস পাইছে । ৩ লাখৰ অধিক ঘটনাৰ পৰা বৰ্তমান হয়গৈ ২.৭৫ লাখ ।
তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশতো কৰ’নাৰ ঘটনা হ্রাস হ’লেও তাৎপৰ্যপূৰ্ণ । যোৱা সপ্তাহত দেশত প্ৰত্যেকদিনাই ৯.৮১ লাখ নমুনা পৰীক্ষা সম্পন্ন কৰা হয়। বুধবাৰে, দেশত ৪৬,৫০০ তকৈ অধিক নতুন সংক্ৰমিত ঘটনাৰ তথ্য পোহৰলৈ আহে। ইতিমধ্যে বিগত সপ্তাহত তীব্ৰ গতিত সুস্থতাৰ সংখ্যা ১ লাখলৈকে বৃদ্ধি পাইছে ।
ইপিনে, বুধবাৰে কৰ’নাৰ পৰা মুক্ত হিচাপে ঘোষণা কৰে ৮৭,৩০০ জন লোকক । এই পর্যন্ত দেশত ৫৭.৩২ লাখ লোক আক্ৰান্ত হৈছে কৰ’নাত । ইয়াৰ ভিতৰত ৮২ শতাংশ সুস্থ হৈ উঠিছে আৰু মৃত্যুৰ ঘটনাৰ সংখ্যা হৈছেগৈ ৯১,৫০০টা । প্ৰত্যেকদিনাই এহেজাৰ জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ।