ইটালীৰ এহাল দম্পত্তি কৰ’না ভাইৰাছৰ তলাবন্ধৰ সময়ছোৱাত পৰিচিত হৈছে ‘ৰোমিঅ’ আৰু জুলিয়েট’ হিচাপে । শ্বেক্সপীয়েৰৰ বিখ্যাত ৰোমান্টিক গল্পটিৰ ষ্টাইলত এই বছৰতে বেলকনিত আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম । ইটালীত সেই সময়ছোৱাত কৰ’নাৰ সন্ত্ৰাসৰ বাবে সকলোৱে নিজ নিজ ঘৰতে আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছিল ।
তাৎপৰ্যপূৰ্ণভাৱে এই প্ৰেমৰো আৰম্ভ হৈছিল ভেৰোনা চহৰত । য’ত আৰম্ভ হৈছিল বিখ্যাত ৰোমিঅ’ আৰু জুলিয়েটৰ প্ৰেমৰ কাহিনী । কিন্তু এই দুগৰাকী প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম শ্বেক্সপীয়েৰৰ ৰোমিঅ’ জুলিয়েটৰ কাহিনীৰ দৰে দুখেৰে অন্ত নপৰিল । আনকি প্ৰায় ৬ মাহৰ অন্তত দুয়ো লগ হোৱাৰ পাছত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছে ।
মিশেল ডি আলপাওচ নামৰ ৩৮ বছৰীয়া যুৱকজনে মাৰ্চ মাহৰ মাজভাগত ৪০ বছৰীয়া পাওলা আগনেলিক প্ৰথম দেখা পাইছিল । আগনেলীয়ে ডি আলপাওচক সেইদিনা নিশা টেৰেছত দেখা পাইছিল আৰু কৈছিল সেয়া এক পক্ষীয় প্ৰেম আছিল ।
ডি আলপাওচে কয় যে, আগনেলীৰ হাঁহিয়ে তেওঁক মুগ্ধ কৰিছিল আৰু সুন্দৰ মুখখনে সোনকালেই আকৰ্ষিত কৰিছিল । তাৰ পিছতেই ডি আলপাওচে আগনেলীক জানিব বিচাৰিছিল । যদিও আগনেলীয়ে ৫ বছৰৰ বয়সৰ পৰা একে এপাৰ্টমেণ্টতে বাস কৰিছিল তথাপিও ইয়াৰ আগেয়ে ডি আলপাওচক লগ পোৱা নাছিল ।
আনহাতে, আগনেলীক চিনি পাইছিল ডি আলপাওচৰ ভগ্নীয়ে । তলাবন্ধৰ আগতে একে জিমতে গৈছিল আৰু তাইয়ে আগনেলীৰ বিষয়ে কৈছিল ককায়েকক । ইনষ্টাগ্ৰামত দুয়ো দুয়োকে ফল’ কৰাৰ পাছত নিশা বহু সময়লৈ কথা পাতে ।
আনহাতে, ইটালীত কঠোৰভাৱে তলাবন্ধ বলবৎ কৰাৰ বাবে তেওঁলোকৰ প্ৰেম মাত্ৰ টেলিফোন আৰু মেছেজতে সীমাবদ্ধ আছিল । অৱশেষত মে’ মাহৰ আৰম্ভণিত মাস্ক পৰিধান কৰি এখন পাৰ্কত লগ কৰিছিল আৰু মাস্ক আঁতৰাই দুয়োৱে কৰিছিল চুম্বন । জুলাই মাহত দুয়ো দুয়োৰে পৰিয়ালক লগ কৰিছিল আৰু বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল।