আজিৰ দিনটোত বলীউডৰ তিনি গৰাকী হাইপ্ৰফাইল অভিনেত্ৰীক জেৰা

26 09 2020 do actress 2020926 12520

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা পিছত ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছত মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহ সন্দৰ্ভত বহু চেলিব্ৰিটিৰ নাম পোহৰলৈ আহিছে । আজি বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন পুৱা NCBৰ কাৰ্যালয়ত উপস্থিত হয় ৷ মাদকদ্ৰব্য সৰবৰাহ সন্দৰ্ভত NCB য়ে দীপিকাক প্ৰায় ৩ঘন্টা সোধপোছ কৰে ৷ দীপিকা পাছত NCB ৰ কাৰ্যালয়ত উপস্থিত হয় বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ ৷ শ্ৰদ্ধাকো NCBয়ে মাদকদ্ৰব্যৰ সন্দৰ্ভত বহু প্ৰশ্ন কৰে ৷ আনহাতে ছাৰা আলী খানো ইতিমধ্যে NCB ৰ কাৰ্যালয়ত উপস্থিত হৈছে। ইফালে আজি দিনটোত বলীউডৰ তিনিগৰাকীকৈ অভিনেত্ৰীক মাদকদ্ৰব্যৰ সেৱন আৰু সৰবৰাহৰ সন্দৰ্ভত সোধ-পোছ কৰা হৈছে ।

আনহাতে শুক্ৰবাৰে NCB য়ে দীপিকাৰ টেলেন্ট মেনেজাৰ কৰিশ্মা প্ৰকাশক সোধপোছ কৰে ৷ ইয়াৰোপৰি অভিনেত্ৰী ৰাকুল প্ৰীত সিঙকো সোধপোছ কৰে NCBয়ে ৷ কৰিশ্মা প্ৰকাশ আজি পুনৰ NCB ৰ কাৰ্যালয়ত সোধ পোছৰ কাৰণে উপস্থিত হয় । এক বিশেষ সূত্ৰৰ মতে দীপিকা আৰু তেওঁৰ মেনেজাৰক একেলগে বহুৱাইও সোধপোছ কৰিব পাৰে NCBয়ে ৷ বিগত দিনত দীপিকা পাডুকনৰ মাদকদ্ৰব্যৰ লগত জড়িত whatsapp ৰ মেছেজ ৰাজহুৱা হৈছিল । ২০১৭ ৰ ২৮ অক্টোবৰত দীপিকাই তেওঁৰ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ পৰা মাদকদ্ৰব্য বিচাৰিছিল ৷

ইপিনে সুশান্ত সিং ৰাজপুতৰ টেলেণ্ট মেনেজাৰ জয়া সাহাৰ whatsapp মেছেজৰ পৰা দিপীকা আৰু শ্ৰদ্ধা কাপুৰৰ নাম পোহৰলৈ আহিছিল । ৰিয়া চক্ৰৱৰ্তীক NCBয়ে গ্ৰেপ্তাৰ কৰিছিল মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনৰ সন্দৰ্ভত । এই সন্দৰ্ভত শুক্ৰবাৰে বহু নিশালৈ ক্ষিতিজ প্ৰসাদক সোধপোছ কৰে NCBয়ে ৷ NCBৰ এক সূত্ৰ মতে ক্ষিতিজ ধৰ্মা প্ৰডাকচনৰ লগল জৰিত আছে। আৰু ধৰ্মা প্ৰডাকচনৰ মালিক কৰণ জোহৰৰ মতে তেওঁ ক্ষিতিজক ব্যক্তিভাৱে নাজানে ৷

Exit mobile version