কৃষকসকল আত্মনিৰ্ভৰশীল ভাৰতৰ মূল চাবিকাঠিঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

maxresdefault 3

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে ৷প্ৰধানমন্ত্ৰী মোদীয়ে আজি মন কী বাত অনুষ্ঠানত বিশেষকৈ কৃষকসকলৰ বিষয়ে উল্লেখ কৰে ৷প্ৰধানমন্ত্ৰী মোদীয়ে কয় ” আমি সততে কও যে যিয়ে মাটিৰ লগত জড়িত হৈ থাকে ৷তেওঁ বহু বৃহৎ বৃহৎ প্ৰত্যাহ্বানৰ লগত যুঁজিব পাৰে ৷

কৰ’না মহামাৰীৰ সময়ত কৃষি ক্ষেত্ৰ আৰু কৃষকসকল তাৰ জীৱন্ত উদাহৰণ ।মোদীয়ে লগতে কয় সংকটৰ সময়ত আমাৰ আমাৰ দেশৰ কৃষি ক্ষেত্ৰই নিজৰ অস্তিত্ব দেখুৱাইছে ৷দেশৰ কৃষিক্ষেত্ৰ,আমাৰ কৃষক,আমাৰ গাঁও এই সকলোবোৰ আত্মনিৰ্ভৰশীল ভাৰতৰ অংশ ৷যদি এই সকলোবোৰ শক্তিশালী হয় ৷তেন্তে আত্মনিৰ্ভৰশীল ভাৰতৰ শিপাডালো শক্তিশালী হ’ব ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় “বিগত কিছু দিনত কৃষিক্ষেত্ৰখনক বহু দিশৰ পৰা স্বাধীনতা দিয়া হৈছে। হাৰিয়ানাৰ এজন কৃষক বন্ধুৱে মোক কৈছিল যে এটাসময়ত তেওঁৰ প্ৰকৃত মূল্যৰ বাহিৰে অন্য মূল্যত ফল-মূল বা শাক পাছলি বিক্ৰী কৰিবলৈ অসুবিধা হৈছিল ৷কিন্তু ২০১৪ত ফল আৰু শাকপাচলিক APMC আইনৰ বাহিৰত কৰি দিয়াত ৷সকলো কৃষকৰ বহুত লাভৱান হৈছে।

মোদীয়ে মন কী বাতত কৃষকসকলৰ প্ৰসংগ আলোচনা কৰাৰ উপৰি ছহিদ ভগৱৎ সিঙ আৰু ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথাও স্মৰণ কৰে ৷মোদীয়ে কয় “চাৰিবছৰ পূৰ্বেই এই সময়তে সমগ্ৰ বিশ্বই আমাৰ সেনাসকলৰ সাহস,শক্তি,বীৰতা দেখিছিল ।আমাৰ বীৰ সৈনিকসকলৰ এটাই লক্ষ্য আৰু উদ্দেশ্য আছিল দেশক ৰক্ষা কৰা তেওঁলোকে নিজৰ জীৱনৰ কথা অলপো নাভাবি আগুৱাই গৈ বিপৰীত পক্ষক প্ৰত্যুত্তৰ দিছে ৷আৰু ভাৰত মাতৃৰ গৌৰৱ বৃদ্ধি কৰিছে ৷

Exit mobile version